Pathetic condition of govt schools: শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে শিক্ষক নিযুক্তিত বেমেজালি - বড়ো মাধ্যমৰ সৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 2, 2022, 12:54 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

মূৰ্কংচেলেক শিক্ষা খণ্ডত সংঘটিত হৈছে আজৱ কাণ্ড ৷ খোদ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ জিলা ধেমাজিৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বড়ো মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিছে এজন অসমীয়া মাধ্যমৰ শিক্ষক । যাৰ ফলত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষাদানত ব্যাপক বেমেজালিয়ে দেখা দিছে (Pathetic condition of govt schools)। জোনাই মহকুমাৰ চমকং গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়ো মাধ্যমৰ সৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়ত বিগত প্ৰায় তিনি বছৰ ধৰি অসমীয়া মাধ্যমৰ শিক্ষকে পাঠদান কৰি আহিছে । যাৰ ফলত এতিয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো পৰিছে বিমূৰত । কিয়নো বিদ্যালয়ত নিয়োজিত শিক্ষকজন অসমীয়া মাধ্যমৰ হোৱাৰ বাবে বড়ো মাধ্যমৰ বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক বড়ো মাধ্যমত শিক্ষা প্ৰদান কৰিব পৰা নাই বুলি স্থানীয় ৰাইজে সদৰী কৰিছে । লগতে সৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বড়ো মাধ্যমৰ শিক্ষা গ্ৰহণৰ বাবে বহু দূৰলৈকে যাব লগা লগা হৈছে । সেয়েহে অতি শীঘ্ৰে প্ৰাথমিক বিদ্যালয়খনত বড়ো মাধ্যমৰ শিক্ষক নিযুক্তি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.