Stolen vehicle recovered news: সোণাপুৰৰ পৰা চুৰি বাহন কাৰ্বি আংলঙৰ শান্তিপুৰত উদ্ধাৰ - চুৰি বাহন কাৰ্বি আংলঙৰ শান্তিপুৰত উদ্ধাৰ
🎬 Watch Now: Feature Video
Published : Nov 5, 2023, 3:48 PM IST
গোলাঘাট, ৫ নৱেম্বৰ: চিনেমাৰ কায়দাৰে এইবাৰ চুৰি বাহন উদ্ধাৰ গোলাঘাট আৰক্ষীৰ ৷ উদ্ধাৰৰ নায়কৰ ৰূপত চাইজুদ্দিন শ্বেখ নামৰ এজন লোক ৷ সোনাপুৰৰ পৰা AS 01 PC 4829 নম্বৰৰ এখন বাণিজ্যিক বাহন চুৰি কৰি আনোতেই আৰক্ষীয়ে শান্তিপুৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে চুৰি হোৱা বাহনসহ নৱ দাস নামৰ চালক এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
গোলাঘাট জিলাৰ ৰঙাজানৰ পৰা খেদি খেদি কাৰ্বি আংলঙৰ শান্তিপুৰ আৰক্ষীৰ সহযোগত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে ৷ চুৰি বাহনখনে দুই ঠাইত আৰক্ষীৰ বেৰিকেড অতিক্ৰমি আন এটা বেৰিকেড ভাঙিবলৈ চেষ্টা কৰোতেই জব্দ হয় । ইতিমধ্যে বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে ৷