Danda Dance Competition in Sotia: চতিয়াত শ্ৰী শ্ৰী দণ্ড কালি মন্দিৰ প্ৰতিষ্ঠা আৰু দণ্ড নৃত্য প্ৰতিযোগিতা - চতিয়াত শ্ৰী শ্ৰী দণ্ড কালি মন্দিৰ প্ৰতিষ্ঠা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 18, 2023, 10:37 PM IST

চতিয়া,১৮ মাৰ্চ: চতিয়াৰ অন্তৰ্গত ঘিলাধাৰী চাহ বাগিচাৰ ৰাইজৰ সহযোগ আৰু উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘিলাধাৰী চাহ বাগিচাৰ দণ্ড মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় শ্ৰী শ্ৰী দণ্ড কালি মন্দিৰ প্ৰতিষ্ঠা আৰু দণ্ড নৃত্য প্ৰতিযোগিতা । যোৱা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত শুকুৰবাৰে শেষ নিশালৈ অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ দণ্ড নৃত্য প্ৰতিযোগিতা(Sri Sri Danda Kali Temple Foundation and Danda Dance Competition in Sotia) ।  

১৫ তাৰিখে ন-পুৰুষৰ শ্ৰাদ্ধৰে শুভাৰম্ভ হোৱা উক্ত অনুষ্ঠানত ১৬ মাৰ্চৰ দিনা বিষ্ণু পুজাৰ পাছতে মা কালিৰ প্ৰতিমা প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত হয় । শুকুৰবাৰে ১৭ মাৰ্চৰ দিনা অনুষ্ঠিত হয় বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰাৰ পিছত মুলসভা আৰু অতিথিক সম্বধৰ্না অনুষ্ঠান । নিশালৈ অসম ভিত্তিত অনুষ্ঠিত হোৱা দণ্ড নৃত্য প্ৰতিযোগিতাত মুল বক্তা হিচাপে উপস্থি থাকে অসম উডিয়া উৎকল সমাজৰ প্ৰাক্তন সভাপতি সুদৰ্শন দাস আৰু সভা পৰিচালনা কৰে শত্ৰুঘন নাগ(Sri Sri Danda Kali Temple Foundation) ।  

শেষত দণ্ড নৃত্য ও গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়(Danda Dance Competition in Sotia) ।

উল্লেখযোগ্য যে ১৯৬৫ চনৰ পৰাই প্ৰতি বছৰেই পুৰ্ব পুৰুষৰ ৰীতি নীতি ৰক্ষা কৰি দণ্ড ভক্ত সকলে এইদৰেই পালন কৰি আহিছে দণ্ড পুজা ও দণ্ড উৎসৱ । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশ্বনাথ বিধান সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে । 

লগতে পঢ়ক: HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.