thumbnail

গোলাঘাটৰ চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন ৰাসলীলা

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:13 PM IST

গোলাঘাট, 25 ডিচেম্বৰ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ । অসমীয়া সাংস্কৃতিৰ জ্ঞান লাভৰ উদ্দেশ্যৰে গোলাঘাটৰ এখন উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ল ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷

চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দেওবাৰে নিশা প্ৰদৰ্শন কৰে এই ৰাসলীলা ৷ চিনাতলী বৰ নামঘৰৰ নাট্যমন্দিৰত প্ৰদৰ্শন কৰা এই ৰাসৰ প্ৰতিটো চৰিত্ৰত অভিনয় কৰে উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । চিনাতলীৰ কেইজনমান উদ্যমী যুৱকে প্ৰায় 20 দিন ধৰি প্ৰশিক্ষণ প্ৰদান কৰি সুনিপুণ কৰি তোলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ।

কেইবা শতাধিক দৰ্শকৰ সন্মুখত ৰাসৰ অভিনয় কৰি আনন্দিত ছাত্ৰ-ছাত্ৰীসকলো । আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ ব্যক্ত কৰি আওৰালে ৰাসৰ বচনো । কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত নৃত্য-গীতেৰে প্ৰাণচঞ্চল হৈ পৰিল চিনাতলীৰ সমগ্ৰ পৰিৱেশ ৷

শিশুসকলৰ সুনিপুণ অভিনয়ে মোহিত কৰিলে কেইবা শতাধিক দৰ্শকক । শিশুৰ ৰাস উপভোগ কৰিবলৈ চিনাতলীৰ লগতে সমীপৱৰ্তী কেইবাখনো গাঁৱৰ পৰা দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : কেৰলৰ ধ্বনিত মুখৰিত মহানগৰীৰ গীৰ্জাঘৰসমূহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.