দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত মাজুলীৰ দক্ষিণপাট সত্ৰ - শ্ৰীকৃষ্ণৰ ৰাসলীলা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 2:30 PM IST

মাজুলী, 27 নৱেম্বৰ : দেওবাৰৰ পৰা আৰম্ভ হৈছে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । ৰাস মহোৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত । খোল-তাল, বাঁহীৰ অমিয়া সুৰে মুখৰিত হৈ আছে সত্ৰ নগৰী মাজুলীৰ আকাশ বতাহ । এক কথাত ক’বলৈ গ’লে শ্ৰীকৃষ্ণৰ বন্দনাৰে দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হৈছে সত্ৰ নগৰী ।

মাজুলীৰ দক্ষিণপাট সত্ৰৰ ৰাসে আকৰ্ষণ কৰে দৰ্শকক ৷ কেৱল দক্ষিণপাট সত্ৰই নহয় মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে ৰংগমঞ্চসমূহত অনুষ্ঠিত হোৱা ৰাসে আকৰ্ষণ কৰিছে বহু দেশী বিদেশী দৰ্শক তথা পৰ্যটকক । তথ্য অনুসৰি, মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছে এইবাৰৰ ৰাস মহোৎসৱ ৷ এইবাৰ সত্ৰখনত মঞ্চৰ বিপৰীতে নামঘৰত অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷

লগতে পঢ়ক : উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসে আকৰ্ষণ কৰিছে হাজাৰ হাজাৰ দৰ্শকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.