BPF Joining Ceremony: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ওৰাঙত হাগ্ৰামাৰ শক্তি প্ৰদৰ্শন; বৃহৎ যোগদান সভা - BPF Joining Ceremony

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 8, 2023, 7:09 PM IST

ৰৌতা, 8 জুন:  লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিচিত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ শাসকীয় দল বিজেপিৰ আভ্যন্তৰীণ সংঘাতৰ মাজতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত শক্তিশালী কৰিছে বিপিএফক ৷ বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত পদযাত্ৰা কৰাৰ পিছত এইবাৰ ভোটাৰক আকৰ্ষিত কৰি নিৰ্বাচন জয় কৰাৰ চেষ্টা হাগ্ৰামা মহিলাৰীৰ (Special Joining Ceremony of BPF at Rowta) ৷  

বৃহস্পতিবাৰে ওৰাঙত অনুষ্ঠিত হ'ল বিপিএফৰ বিশাল যোগদান সভা ৷ 40 নং ৰৌতা পৰিষদীয় সমষ্টি আৰু 39 নং পাচনৈ ছেৰফাং পৰিষদীয় সমষ্টিত প্ৰায় 1000 লোকে যোগদান কৰে বিপিএফত ৷ ৰৌতা মণ্ডল বিজেপিত দল ত্যাগ, সংঘাত, বিদ্ৰোহৰ পিছতে বিজেপি আৰু ইউপিপিএলৰ কেইবাগৰাকী কৰ্মীয়ে আজি যোগদান কৰে বিপিএফত (Special Joining Ceremony of BPF) ৷  

আগন্তুক জুলাই মাহত সমগ্ৰ বিটিচিতে বৃহৎ যোগদান কাৰ্যসূচী লোৱাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিচিত বিজেপি-ইউপিপিএলৰ চৰকাৰ চলি থকাৰ সময়তো দল দুটাৰ কৰ্মীসকল বিপিএফত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে হাগ্ৰামা মহিলাৰীয়ে (Joining Ceremony of BPF at Rowta In Udalguri) ৷ লোকসভা নিৰ্বাচনত কোনো দলৰ লগত মিত্ৰতা নকৰে বিপিএফে ৷ অকলেই লোকসভা নিৰ্বাচনত বিপিএফ দলে অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে আজিৰ দৰে যোগদান সভা কোনো ৰাজনৈতিক দলেই অনুষ্ঠিত কৰা দেখা পোৱা নাই বুলিও কয় নেতাজনে (BPF Joining Ceremony) ৷

লগতে পঢ়ক: Assam BJYM: বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.