Assamese traditional instrument : হাতত প্ৰায় 100 বছৰ পুৰণি ম’হৰ শিঙৰ পেঁপা লৈ বিহুলৈ সাজু সোণ ককা - Rangali Bihu 2023
🎬 Watch Now: Feature Video
চতিয়া, 10 এপ্ৰিল : পদুলিমুখত ৰঙৰ ৰঙালী (Rangali Bihu 2023) ৷ ঢোল-তাল-গগণা-পেঁপাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ ৷ ব্যস্ততাৰ সীমা নাই এতিয়া ৰাজ্যবাসীৰ ৷ বুঢ়া-মেথা সকলোৰে গা এতিয়া সাতখন-আঠখন ৷ ৰঙালী বুলি এতিয়া 90 বছৰীয়া সোণ ককায়ো হাতত তুলি লৈছে প্ৰায় 100 বছৰীয়া এটি পুৰণি ম’হৰ শিঙৰ পেঁপা (Assamese traditional instrument Pepa) ৷
আমি ক’বলৈ লোৱা এই 90 বছৰীয়া বৃদ্ধগৰাকী হৈছে জামুগুৰিহাটৰ হাটিঙাৰ সোণ বৰুৱা ৷ ডেকাকালত এগৰাকী পাকৈত পেঁপুৱা আছিল সোণ বৰুৱা (Assamese traditional instrument played by sootea artist) ৷ সোণ বৰুৱাই আজু ককাৰ দিনৰ পৰা অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে এটা পুৰণি ম’হৰ শিঙৰ পেঁপা ৷
ব’হাগ বিহু আহিলেই বাকচৰ পৰা উলিয়াই হেঁপাহ পলুৱাই ককাই বজাই এই পেঁপাটো ৷ এসময়ত এই পেঁপাটো বজাই অসমৰ বিভিন্ন প্ৰান্তত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাচত প্ৰথম গণৰাজ্য দিৱস উদযাপনৰ সময়ত এই পেঁপাটো বজাই তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছিল সোণ বৰুৱাই ৷ উল্লেখ্য যে, জামুগুৰিহাটৰ সোণ বৰুৱাৰ পেঁপাৰ মাত শুনিবলৈ এতিয়াও তেওঁৰ চোতালত ভিৰ কৰেহি গাঁওখনৰ বহু যুৱক-যুৱতী ৷
লগতে পঢ়ক : Bongaigaon weman Dhulia : কান্ধত ঢোল লৈ নাচনী নচুওৱাত ব্যস্ত হিমাশ্ৰী