thumbnail

By

Published : Mar 20, 2023, 12:53 PM IST

ETV Bharat / Videos

Amrit Sarovar in Majuli: অমৃত সৰোবৰৰ মাটি বিক্ৰী কৰিলে অসাধু ব্যৱসায়ীয়ে

মাজুলী, ২০ মাৰ্চ: সত্ৰ নগৰী মাজুলীত অমৃত সৰোবৰ নিৰ্মাণৰ বাবে খন্দা মাটি বিক্ৰী অসাধু ব্যৱসায়ীৰ । মাজুলীৰ মেখেলি গাঁৱত নিৰ্মাণ কৰা এই অমৃত সৰোবৰক লৈ সৃষ্টি হৈছে খেলি-মেলিৰ । মেখেলি গাঁৱত অমৃত সৰোবৰ নিৰ্মাণ কৰিবলৈ খন্দা মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Amrit Sarovar in Majuli)। 

অমৃত সৰোবৰৰ বাবে খন্দা মাটি সেই ঠাইতে ৰাখিব লাগে যদিও সেয়া অসাধু ব্যৱসায়ীয়ে বিক্ৰী কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Amrit Sarovar land selling in Mekheli Gaon)। অমৃত সৰোবৰৰ মাটি খান্দি নি ব্যক্তিগত ভেটি নিৰ্মাণ কৰাক লৈ মেখেলি গাঁওবাসীয়ে অভিযোগ দিয়াৰ পাচতো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে ।  

বিগত এসপ্তাহ ধৰি উক্ত অমৃত সৰোবৰৰ পৰা নীতি বৰ্হিভূতভাৱে মাটি কঢ়িয়াই আছে এইসকল ধনলোভী ব্যৱসায়ীয়ে। এই কথাৰ উমান পাই সাংবাদিকৰ দল এটা দেওবাৰে সেই স্থানত উপস্থিত হয় । ইয়াৰ পিচতেই সাংবাদিকৰ কেমেৰা দেখি মেখেলি গাঁৱৰ অমৃত সৰোবৰৰ পৰা নীতি বৰ্হিভূতভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ চালকে পলায়ন কৰে । 

ইপিনে, সাংবাদিক উপস্থিত হোৱাত ঠিকাদাৰে মাটি কঢ়িওৱা ট্ৰেক্টৰ ততালিকে বন্ধ কৰে । স্থানীয় ৰাইজে অমৃত সৰোবৰ নিৰ্মাণৰ বাবে খন্দা মাটি আন ঠাইলৈ নিয়োতো বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।  

লগতে পঢ়ক: Preservation of Dipor Bil : দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.