thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

কচুতলীত উৰিব ধৰ্মধ্বজা, মাহেকে-পষেকে অনুষ্ঠিত হ'ব বিভিন্ন পূজা - Sonapur eviction drive

নিউজ ডেস্ক, ২ অক্টোবৰ: সন্দেহযুক্ত নাগৰিকক কচুতলীত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হিন্দু সনাতনী লোকসকলে আয়োজন কৰিছে লক্ষ্মী পূজাৰ । কচুতলীৰ একমাত্ৰ শিৱ মন্দিৰ, যিটো বিভিন্ন কাৰণত এলাগী হৈ পৰি আছিল, বুধবাৰে গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতাৰ দিৱসৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাংগণ পৰিস্কাৰ-পৰিচ্ছন্ন কৰা হয় ।

বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়া সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত বহু স্থানীয় লোকে অংশগ্ৰহণ কৰি ধৰ্মধ্বজা উৰুওৱাৰ লগতে পূজা-অৰ্চনা কৰাৰ উপৰিও আজিৰে পৰা মন্দিৰৰ মেৰামতিৰ কাম আৰম্ভ কৰে । উল্লেখ্য যে, সোণাপুৰৰ কচুতলীত ছেপ্টেম্বৰ মাহত চলিছিল ব্যাপক উচ্ছেদকাৰ্য । বেদখলকাৰী আৰু উচ্ছেদকাৰীৰ মাজত সৃষ্টি হৈছিল এক অনাকাংক্ষিত পৰিস্থিতিৰ । উচ্ছেদ অভিযানৰ মাজতে সোণাপুৰৰ কচুতলীত আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ লোক ।

লগতে পঢ়ক: সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.