কঁহৰাত বনৌষধি গছপুলিৰ বিপণন কেন্দ্ৰ মুকলি - Medicinal plants Marketing centre - MEDICINAL PLANTS MARKETING CENTRE
🎬 Watch Now: Feature Video


Published : Oct 2, 2024, 5:04 PM IST
কাজিৰঙা, ২ অক্টোবৰ: সামাজিক বনানীকৰণ বিভাগৰ উদ্যেগত কঁহৰাত থকা স্মৃতি উদ্যানত বনৌষধি গছপুলিৰ প্ৰদৰ্শনৰ লগতে পৰ্যটকৰ বাবে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । অসম এগ্ৰ’ ফৰেষ্ট্ৰি ডেভলপমেন্ট বোৰ্ডৰ সহযোগত এই বিপণন কেন্দ্ৰৰ ব্যৱস্থা কৰিছে বন বিভাগে । বোৰ্ডৰ অধ্যক্ষ ড৹ সোণালী ঘোষে বনৌষধি গছপুলিৰ এই বিপণন কেন্দ্ৰ দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বুলি আশা ব্যক্ত কৰে ।
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এই কেন্দ্ৰটি । কেন্দ্ৰটিয়ে কাজিৰঙালৈ আগমন ঘটা পৰ্যটকক আকৰ্ষিত কৰিব বুলি সকলোৱে আশা কৰে । আনহাতে, কাজিৰঙাৰ এইখন উদ্যান বিগত বহুদিন ধৰি পৰ্যটকৰ বাবে অনুপযোগী হৈ আছিল । ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকা পৰ্যটকৰ বাবে মুকলি হোৱাৰ লগে লগে কাজিৰঙাৰ কঁহৰাত বনৌষধি গছপুলিৰ বিপণন কেন্দ্ৰই আন এক মাত্ৰা দিব বুলি আশা কৰিব পাৰি ।