ETV Bharat / sports

20 কোটি টকাৰ বিত্তীয় কেলেংকাৰী; ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কলৈ ইডিৰ চমন - ED SUMMONS FORMER INDIAN CRICKETER - ED SUMMONS FORMER INDIAN CRICKETER

ED Summons former Cricketer: প্ৰৱৰ্তন সঞ্চালকালয়ে এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা অধিনায়কলৈ জাৰি কৰিছে চমন । ইডিয়ে হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কীয় গোচৰটোৰ তদন্তৰ সন্দৰ্ভত কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক ৷

ED SUMMONS FORMER INDIAN CRICKETER
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰলৈ ইডিৰ চমন (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Oct 3, 2024, 1:31 PM IST

স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ: এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰলৈ চমন জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে ৷ এক বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগতে জাৰি কৰা হৈছে এই চমন ৷ হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কীয় এক গোচৰত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰি প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷

এই নিৰ্দেশ অনুসৰি, বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা অধিনায়কগৰাকী ৷ ক্ৰিকেটজগতৰ সৈতে জড়িত থকাৰ সময়ত এইগৰাকী প্ৰাক্তন অধিনায়কৰ বিৰুদ্ধে উত্থাপিত হৈছিল মেচ ফিক্সিঙৰো অভিযোগ ৷ পৰৱৰ্তী সময়ত ক্ৰিকেটৰ খেলপথাৰ পৰিত্যাগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৷

আমি ক’ব বিচাৰিছো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা অধিনায়ক মহম্মদ আজহাৰউদ্দিনৰ কথা ক’ব বিচাৰিছো ৷ বিগত সময়ত আজহাৰউদ্দিন এগৰাকী কংগ্ৰেছ নেতাৰ লগতে লোকসভাৰ সাংসদো আছিল ৷ তেলেংগানাত শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত আজহাৰউদ্দিনে কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপক্ষৰ প্ৰাৰ্থীৰ বিৰুদ্ধে পৰাজিত হৈছিল ৷

ইয়াৰ পূৰ্বে আজহাৰউদ্দিনে 2019 চনৰ পৰা 2023 চনলৈ হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনত অধ্যক্ষৰ দায়িত্বত আছিল ৷ তেওঁৰ কাৰ্যকালত পুঁজিৰ অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷

হায়দৰাবাদ আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে যোৱা বছৰ অক্টোবৰত ৰুজু কৰিছিল চাৰিটা অপৰাধমূলক গোচৰ ৷ ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) প্ৰাসংগিক ধাৰাৰ অধীনত অপৰাধমূলক বিশ্বাস ভংগ, প্ৰৱঞ্চনা, জালিয়াতি আৰু ষড়যন্ত্ৰৰ অভিযোগ আৰোপ কৰি এই গোচৰ ৰুজু কৰে ৷ সমান্তৰালকৈ হায়দৰাবাদ ক্ৰিকেট এছ’চিয়েশ্যনৰ আন প্ৰাক্তন বিষয়াসকলৰ বিৰুদ্ধেও উত্থাপন কৰিছিল অভিযোগ ৷

আজহাৰউদ্দিনে 1984 চনৰ পৰা 2000 চনলৈ ভাৰতৰ হৈ ক্ৰিকেট খেলিছিল ৷ তদুপৰি 1989 চনৰ পৰা 1999 চনলৈ দলটোৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ 47 খন টেষ্ট মেচত তেওঁ ভাৰতীয় দলটোক 14 বাৰ বিজয় প্ৰদান কৰাত সহায় কৰে ৷ আন কেইবাখনো মেচ অমীমাংসিতভাৱে সামৰণি পৰাৰ লগতে 19 খন টেষ্ট মেচত দলটো পৰাজিত হৈছিল ৷

আনহাতে, 174 খন এদিনীয়া মেচত ভাৰতক নেতৃত্ব দিছিল আজহাৰউদ্দিনে, য'ত তেওঁ অধিনায়ক হিচাপে 90 বাৰ দলক জয়ী কৰোৱাৰ লগতে আৰু 76 বাৰ পৰাজিত হৈছিল ।

লগতে পঢ়ক: কেপ্টেইনছ ডে’ ৰ সৈতে আৰম্ভ হ'ল মহিলা টি-20 বিশ্বকাপ; 10 অধিনায়কে কৰালে ফটোশ্বুট - ICC WOMENS T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.