ETV Bharat / bharat

মণিপুৰৰ সংবেদনশীল এলেকাত সুৰক্ষা বাহিনীৰ তালাচীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ - Manipur Violence

Arms Recovered in Manipur: আৰক্ষীৰ অভিযানত চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা স্থানীয়ভাৱে তৈয়াৰ কৰা ইম্প্ৰুভাইজড মৰ্টাৰ আৰু গোলাবাৰুদ জব্দ কৰিছে মণিপুৰ আৰক্ষীয়ে ।

Arms Recovered in Manipur
মণিপুৰত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ (ANI Photo)
author img

By ANI

Published : Oct 3, 2024, 1:11 PM IST

নিউজ ডেস্ক, ৩ অক্টোবৰ : মণিপুৰত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ প্ৰান্তীয় আৰু সংবেদনশীল অঞ্চলসমূহত অনুসন্ধান আৰু তালাচী অভিযান অব্যাহত ৰাখিছে । এই অভিযানত শেহতীয়াভাৱে এক বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে । অনুসন্ধান অভিযানৰ সময়ত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ হয় ।

আনহাতে, মুকলি চলাচলৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই স্থানবোৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে সংবেদনশীল পথত নিৰাপত্তা কনভয়ৰ ব্যৱস্থা কৰা ।

এক্সৰ এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখিছে, "পাহাৰীয়া আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু বিপজ্জনক অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান আৰু অঞ্চলবোৰৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে অভিযান চলোৱা হৈছে । অনুসন্ধান অভিযানৰ সময়ত চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা ষ্টেণ্ডৰ সৈতে স্থানীয়ভাৱে তৈয়াৰ কৰা এটা ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি), 3 টা স্থানীয়ভাৱে নিৰ্মিত ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি) আৰু 8 টা পাম্পি গোলাবাৰুদ মণিপুৰ আৰক্ষীয়ে জব্দ কৰে ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে মণিপুৰ আৰক্ষীয়ে পাহাৰীয়া আৰু উপত্যকা জিলাৰ প্ৰান্তীয় আৰু সংবেদনশীল অঞ্চলত তালাচী অভিযান চলায় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে ক্ৰমান্বয়ে ২৮৯ আৰু ৪১৪ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে । সকলো বিপদাশংকাপূৰ্ণ স্থানত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বাহনবোৰৰ বিনামূলীয়া আৰু সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে সংবেদনশীল অঞ্চলত নিৰাপত্তা কনভয় প্ৰদান কৰা হৈছে ।

"মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা দুয়োখনৰে বিভিন্ন জিলাত মুঠ ১১৩ টা তালাচী চকী স্থাপন কৰা হৈছে । অৱশ্যে ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘনৰ সন্দৰ্ভত আৰক্ষীয়ে কাকো আটক কৰা নাই ।" মণিপুৰ আৰক্ষীয়ে পোষ্টত কয় ।

আনহাতে, ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ দ্বাৰা চলোৱা আন এক অনুসন্ধান অভিযানত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয় । এই অভিযানৰ ফলত টেংনুপাল জিলাৰ চেনাম গাঁৱৰ পৰা লাথোড় গান (দেশীয়ভাৱে নিৰ্মিত), আই ই ডি, গ্ৰেনেড, পেট্ৰ'ল বোমা, ব'ৰ ৰাইফল, পম্পি গোলা-বাৰুদ, ডিট'নেটৰ আৰু এনে ধৰণৰ অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।

ইফালে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহস্পতিবাৰে ২৭ ছেপ্টেম্বৰত কাংপোকপিৰ পৰা অপহৃত হোৱা মণিপুৰৰ দুজন যুৱকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োৰে প্ৰচেষ্টাক প্ৰশংসা কৰে ।

এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে যুৱক দুজনক সুৰক্ষিতভাৱে মণিপুৰ আৰক্ষীৰ জিম্মালৈ ঘূৰাই অনা হৈছে ।

"২৭ ছেপ্টেম্বৰত কাংপোকপিত অপহৃত যুৱক দুজনক সুৰক্ষিতভাৱে মণিপুৰ আৰক্ষীৰ জিম্মালৈ ঘূৰাই অনা হৈছে । মই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটা বিভাগৰে সকলোকে আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ, যিসকলে তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল । " মুখ্যমন্ত্ৰী বীৰেণ সিঙে বৃহস্পতিবাৰে কয় ।

লগতে পঢ়ক :মণিপুৰৰ হিংসাই সলনি কৰিলে ক্ৰীড়াৰ পৰিৱেশ : দুভাগত বিভক্ত ৰাজ্যিক ফুটবল দল - MANIPUR VIOLENCE ON SPORTS
লগতে পঢ়ক :মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ নিৰাপত্তা বাহিনীৰ - Manipur Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.