thumbnail

By ETV Bharat Assamese Team

Published : 3 hours ago

ETV Bharat / Videos

চৰকাৰক সমালোচনা কৰিলেও বাহিৰৰ মানুহে বেয়াকৈ কোৱাটো নিবিচাৰো: ময়ুৰ বৰা - Eminent thinker writer Mayur Bora

টীয়ক,১ অক্টোবৰ: কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত ড৹ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা-২০২৪ অনুষ্ঠান । কাকজান মহাবিদ্যালয়ৰ ড৹ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা সমিতিৰ উদ্যোগত মহাবিদ্যালয়ৰ শিক্ষক গোট, IQAC, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ, ছাত্ৰ একতা সভা আৰু পূব যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠান । 'অসম আৰু অসমীয়া-সংকট আৰু সম্ভাৱনা' শীৰ্ষক বিষয়ত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ, লেখক ময়ুৰ বৰা । নিৰ্ধাৰিত বিষয়ত সাৱলীলভাৱে আলোকপাত কৰি বৰাই সকলোকে অভিভূত কৰি তোলে ।

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত বিশিষ্ট চিন্তাবিদ বৰাই উজনিৰ বিশেষকৈ যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অহা '২৫ চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । লগতে ৰাইজক কেৱল হিতাধিকাৰী হৈ নাথাকি প্ৰকৃত প্ৰাপ্যৰ বাবে, সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধিক জবাবদিহি কৰিব লাগে বুলি মন্তব্য কৰে । 

লগতে পঢ়ক: NEP 2020:নতুন শিক্ষা নীতিৰ ভিত্তিত গুৱাহাটী আই আই টিত নতুন পাঠ্যক্ৰম আৰম্ভ

এটা দশকত সম্পূৰ্ণ নহ’ল ৩৯ কিল’মিটাৰ পথ নিৰ্মাণৰ কাম ! ৰাইজৰ বাবে এতিয়াও আধৰুৱা সপোন - Highway Expansion in Teok

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.