আমাৰ মাজৰ এনে বহুলোক আছে যিয়ে ঘৰতে পনীৰেৰে তৈয়াৰী বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ইয়াৰ আমেজ লৈ ভাল পায় ৷ কিন্তু বজাৰৰ পৰা কিনি অনা পনীৰখিনি আচল নে নকল কেনেকৈ চিনাক্ত কৰিব ? শুনি চাগে নিশ্চয় আচৰিত হৈছে চাগৈ যে পনীৰ নো কেনেকৈ নকল হ’ব পাৰে ৷ হয় আজিকালি বজাৰত এনে বহু দুষ্টচক্ৰ নামি পৰিছে যিয়ে সহজ ধন ঘটাৰ উদ্দেশ্যে মানুহক খাদ্যৰ নামত বৰবিহ যোগান ধৰি আহিছে ৷ যাক মানুহে নিতৌ ক্ৰয় কৰি আহিছে যাৰ পিচত আমি বহু ৰোগত ভুগিবলগীয়া হয় ৷ সেয়ে ক্ৰয় কৰাৰ পূৰ্বে আমি ভালদৰে খাদ্য সামগ্ৰীৰ পৰীক্ষণ কৰা উচিত যাতে ইয়াৰ পৰা আমি কোনো ৰোগত যাতে ভুগিবলগীয়া নহয় ৷
প্ৰায়েই আমি ভালদৰে পৰীক্ষা নকৰাকৈ বজাৰৰ পৰা পনীৰ ক্ৰয় কৰো ৷ যাক খোৱাৰ পিচত আমি বহু ৰোগক আমাৰ দেহলৈ নিমন্ত্ৰণ জনাও সেয়ে আজিৰ পৰা পনীৰ ক্ৰয় কৰাৰ পূৰ্বে পনীৰখিনি আচল নে নকল চিনাক্ত কৰিবলৈ তলত উল্লেখিত এই পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰে-
প্ৰেচাৰ টেষ্ট
বজাৰৰ পৰা অনা পনীৰ প্লেট এখনত উলিয়াই লওক ৷ অতি লঘু চাপ দি হাতেৰে গুড়ি কৰিবলৈ চেষ্টা কৰক ৷ যদি ই বিয়পি পৰে বা টুকুৰা টুকুৰ হৈ পৰে তেন্তে ইয়াৰ অৰ্থ হ’ল ইয়াত কোনো ভেজাল নাই ৷ যদি এনে নহয়, তেন্তে ই ভেজাল হোৱাটো সম্ভৱ ৷ দৰাচলতে ভেজাল পনীৰত যোগ কৰা মৌলবোৰে গাখীৰৰ গুণাগুণ নোহোৱা হৈ যোৱাৰ ফলত ই কঠিন হৈ পৰাৰ ফলত ই বিয়পি নপৰে ৷
আয়’ডিন পৰীক্ষা
পনীৰৰ সৰু অংশ লৈ ৫ মিনিটমান পানীত উতলিবলৈ দিয়ক ৷ প্লেট এখনত উলিয়াই দিয়াৰ পিচত ঠাণ্ডা হ’বলৈ দিব ৷ ইয়াৰ পিচত ইয়াৰ ওপৰত কেইটোপালমান আয়’ডিন টিংচাৰ দিব ৷ যদি পনীৰৰ ৰং নীলা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল গাখীৰত কৃত্ৰিম উপাদান মিহলাই এই পনীৰ তৈয়াৰ কৰা হৈছে ৷
ৰহৰ দালিৰ সৈতে পৰীক্ষা
প্ৰথমে এটা পাত্ৰত পানীত পনিৰৰ টুকুৰা এটা লৈ উতলিবলৈ দিয়ক ৷ তাত এক চামুচ ৰহৰ দালি(Toor Dal) দি দিয়ক ১০ মিনিটৰ বাবে ৰাখক ৷ যদি পনিৰৰ পাতল ৰং ৰঙা হয়, তেন্তে ইয়াৰ পৰা দেখা যায় যে ইয়াত ডিটাৰজেণ্ট বা ইউৰিয়া মিহলি থাকিব পাৰে ৷
ক্ৰয় কৰাৰ পূৰ্বে পৰীক্ষা কৰক
যদি আপুনি কোনো মিঠাইৰ দোকানৰ পৰা পনীৰ কিনিব খোজে, তেন্তে তেওঁলোকৰ পৰা সোৱাদ ল’বলৈ সৰু এটুকুৰা পনীৰ খোজক ৷ খোৱাৰ পিচত যদি আপুনি পনিৰটো অলপ টান অনুভৱ কৰে বা টেঙা অনুভৱ কৰে তেন্তে ইয়াত কৃত্ৰিম উপাদান থাকিব পাৰে ৷ আনহাতে যদি পনীৰ সতেজ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, তেন্তে ই মুখতে গলি যাব ৷
লগতে পঢ়ক: কণী নে পনীৰ, কোনবিধত থাকে অধিক প্ৰ’টিন ? |