Accident at Rahmoria: হৃদয় বিদাৰক, বোকাত লাগি থকা ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু সমাজ কৰ্মীৰ - Accident at Rahmoria
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 2 জুন: ডিব্ৰুগড়ৰ ৰহমৰীয়াত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা ৷ বোকাত লাগি থকা ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ গৈ মৃত্যুক সাৱতি ল’লে এগৰাকী সমাজ কৰ্মীয়ে ৷ বোকাত পোত খোৱা ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি ল’লে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া বগৰীতলীয়াৰ ক্ৰীড়া সংগঠক তথা সমাজ সেৱক নিতুল কোঁচে (Social worker dies in a Accident at Rahmoria) ৷
জানিব পৰা মতে নিশা পথাৰৰ বোকাত লাগি থকা ট্ৰেক্টৰ উলিয়াবলৈ গৈছিল ব্যক্তিজন ৷ সমাজ কৰ্মীজনৰ মৃত্যুত চাবুৱাৰ লগতে সমগ্ৰ ৰহমৰীয়া অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷ চাবুৱা আৰু ৰহমৰীয়া অঞ্চলৰ প্ৰতিটো অনুষ্ঠানতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল তেওঁ (Accident at Rahmoria in Dibrugarh) ৷
উল্লেখ্য যে, নিশা অকলশৰে বোকাত লাগি থকা ট্ৰেক্টৰখন উদ্বাৰ কৰিবলৈ যোৱাত দুৰ্ঘটনাবশত ট্ৰেক্টৰখনৰ আগফালৰ ইঞ্জিন অংশ ওপৰলৈ উঠি যোৱাত চালকৰ আসনত থকা নিতুল কোঁচ চেঁপা খাই থিতাতে নিহত হয় (Social worker dies at Rahmoria in Dibrugarh) ৷ বহু সময়ৰ পিছত পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে অৱগত হৈ ব্যক্তিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও কৰুণ মৃত্যুক সাৱতি লয় নিতুল কোঁচে (Accident at Rahmoria) ৷
লগতে পঢ়ক: Road accident in Guwahati: মহানগৰীৰ খাৰঘূলিত পথ দুৰ্ঘটনা, নিহত এজন যুৱক