Drugs seized: নিচাজাতীয় টেবলেট সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - মাইবং আৰক্ষী থানা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:13 PM IST

হাফলং, 31 আগষ্ট: ডিমা হাছাও জিলাত বুধবাৰে নিশা নিচাজাতীয় টেবলেট সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত ডিটেকচৰাত ডিমা হাছাও আৰক্ষীয়ে চলোৱা এক অভিযানত এএছ02 এই 9265 নম্বৰ ইক’ ভেন বাহনত তালাচী চলাই বাহনখনত থকা গোপন চেম্বাৰৰ পৰা নিচাজাতীয় টেবলেটখিনি উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰী হৈছে মাইবং আৰক্ষী থানাৰ অন্তৰ্গত সুভাষ নগৰৰ ৰাজু পাল আৰু চাইডিঙৰ প্ৰসেনজিৎ ভট্টাচাৰ্য ৷

হাৰেংগাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ভেনখনৰ পৰা 462 টা AADSPA PRO টেবলেট আৰু 17 টা Monooff Plus কফ চিৰাপ জব্দ কৰে। বৰ্তমানত ধৃত দুই সৰবৰাহকাৰী আৰক্ষীৰ জিম্মাত আছে। 

উল্লেখ্য যে, প্ৰতিদিনেই আৰক্ষীয়ে অভিযান চলাই ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইৰ পৰা নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

লগতে পঢ়ক: Minor Rape Case : গোৱালপাৰাত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.