thumbnail

By

Published : May 11, 2023, 10:10 PM IST

Updated : May 12, 2023, 11:24 AM IST

ETV Bharat / Videos

Slow loris rescued: চন্দ্ৰপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

গুৱাহাটী, 11 মে’: চন্দ্ৰপুৰত উদ্ধাৰ এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালী (Slow loris rescued) ৷ চন্দ্ৰপুৰৰ সূতাকলত বৃহস্পতিবাৰে দিনৰ ভাগত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় লাজুকী বান্দৰৰ পোৱালীটো ৷ অঞ্চলটোৰ কেইজনমান লোকে এখন বিদ্যালয়ৰ সন্মুখত বহি থকা অৱস্থাত লাজুকী বান্দৰৰ পোৱালীটো প্ৰত্যক্ষ কৰি ততালিকে খবৰ দিয়ে চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত (Slow loris rescued at Chandrapur in Guwahati) ৷

কিছু সময়ৰ পিছতেই বন বিভাগৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত লাজুকী বান্দৰৰ পোৱালীটো উদ্ধাৰ কৰে ৷ পৰবৰ্তী সময়ত বন বিভাগৰ লোকে উদ্ধাৰ কৰা লাজুকী বান্দৰটো অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয় ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বন বিভাগে চন্দ্ৰপুৰৰ বিভিন্ন স্থানত কেইবাটাও লাজুকী বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল (Slow loris rescued at Chandrapur) ৷

লগতে পঢ়ক: Manas National Park: পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

Last Updated : May 12, 2023, 11:24 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.