Sweta Agarwala Murder: হুকুম লৰিল; মৃত্যুদণ্ডৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড শ্বেতা আগৰৱালাৰ হত্যাকাৰীক - হত্যাকাৰী গোবিন্দ সিংহাল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 12, 2023, 6:19 PM IST

Updated : Apr 12, 2023, 6:35 PM IST

গুৱাহাটী, ১২ এপ্ৰিল: ৰাজ্য কঁপোৱা শ্বেতা আগৰৱালা হত্যাকাণ্ড গোচৰৰ পুনৰ ৰায় দিলে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে (Sweta Agarwala Murder case) ৷ সত্ৰ ন্যায়াধীশৰ আদালতে বুধবাৰে শ্বেতা আগৰৱালৰ হত্যাকাৰী গোবিন্দ সিংহালক মৃত্যুদণ্ডৰ পৰা ৰেহাই দি যাৱজ্জীৱন কাৰাদণ্ড বিহে (Govind Singhal sentenced to life imprisonment)৷ একেটা গোচৰতে ২০১৯ চনত জিলা সত্ৰন্যায়ধীশৰ আদালতে গোবিন্দ সিংহালক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায়দান দিছিল ৷  

তাৰ পিচতে সত্ৰ ন্যায়ধীশৰ আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়লয়ত (Gauhati High Court) আবেদন দাখিল কৰিছিল গোবিন্দৰ পৰিয়ালে । এই আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ে নিম্ন আদালতক গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ৷ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতে কামৰূপ জিলা সত্ৰ ন্যায়ধীশৰ আদালতে শ্বেতা আগৰৱালা হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰি হত্যাকাৰী গোবিন্দ সিংহালক মৃত্যুদণ্ডৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড বিহে । 

লগতে পঢ়ক:  শ্বেতা আগৰৱালাৰ নৃশংস হত্যাকাণ্ডৰ 3 অভিযুক্তক দোষী সাব্যস্ত

উল্লেখ্য যে, কে চি দাস কমাৰ্চ কলেজৰৰ বাণিজ্য শাখাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী আছিল শ্বেতা আগৰৱালা (Sweta Agarwala killed by lover) ৷ ২০১৭ চনৰ ৪ ডিচেম্বৰত ভৰলুমুখত থকা গোবিন্দ সিংহালৰ স্নানগাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শ্বেতা আগৰৱালাৰ অগ্নিদগ্ধ আৰু অৰ্ধ নগ্ন মৃতদেহ ৷ মেধাৱী ছাত্ৰীগৰাকীক প্ৰেমিক গোবিন্দ সিংহাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীয়ে নিৰ্মমভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছিল ৷ হত্যাৰ পিচত শ্বেতা আগৰৱালাৰ মৃতদেহ পেলোৱাৰ বাবে বাৰম্বাৰ চেষ্টা কৰি বিফল হৈ গোবিন্দই মৃতদেহটো স্নানগাৰত জ্বলাই দিছিল ৷ 

Last Updated : Apr 12, 2023, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.