ETV Bharat / state

২০০ বিঘা আলু খেতি কৰিও কিয় মূৰে-কপালে হাত দিছে কৃষকে ? - BARPETA FARMERS DEMAND

আলুৰ খেতিৰে স্বাৱলম্বী হ'ব বিচৰা কৃষকসকল আজি হতাশাত ভুগিছে ।

Barpeta farmers demand
২০০ বিঘা ভূমিত আলু খেতি কৰিও মূৰে-কপালে হাত দিছে কৃষকে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 4:11 PM IST

বৰপেটা : এতিয়া আলু তোলাৰ বতৰ । বৰপেটা জিলাৰ বিভিন্ন অঞ্চল যেনে-বাঘবৰ, মন্দিয়া, মহৰি গাঁও, মহৰি পাম, চাচৰা, দীঘিৰ পথাৰ, মাণিকপুৰ আদিত কৃষকসকল আলু তোলাত ব্যস্ত হৈ পৰিছে । বিঘাই বিঘাই খেতি কৰা কৃষকসকলে পথাৰৰ পৰা আলু সংগ্ৰহ কৰি বজাৰলৈ মুকলি কৰিছে । কিন্তু একে সময়তে থমকি ৰৈছে সাধাৰণ কৃষকসকল । আলুৰ মূল্যক লৈ উদ্বিগ্ন হৈ পৰিছে কৃষকসকল । কিয়নো কৃষকসকলে বজাৰত আলুৰ উচিত মূল্য পোৱা নাই । কেৱল এয়াই নহয়, থলুৱা কৃষকৰ পৰা আলু ল'বলৈও আগ্ৰহী নহয় ব্যৱসায়ীসকল । যাৰ বাবে ৫০ৰ পৰা ২০০ বিঘা ভূমিত আলুৰ খেতি কৰিও মূৰে-কপালে হাত দিছে কৃষকসকলে ।

থলুৱা কৃষকৰ আলু নলয় ব্যৱসায়ীয়ে

২০০ বিঘা ভূমিত আলু খেতি কৰিও মূৰে-কপালে হাত দিছে কৃষকে (ETV Bharat)

জানিব পৰা মতে বৰ্তমান সময়ত বাঘবৰৰ মন্দিয়াত প্ৰতি কুইণ্টল আলু বিক্ৰী হৈ আছে ৮০০ৰ পৰা ৯০০ টকাত । বিশেষকৈ পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যত এইবাৰ সৰ্বাধিক পৰিমাণৰ আলু উৎপাদন হৈছে । ফলত সেই ৰাজ্যৰ পৰা অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ কম মূল্যতে আলু ৰপ্তানি হৈ আছে । যাৰ বাবে বজাৰত বৰপেটাৰ আলুৰ চাহিদা কমি যোৱাৰ লগতে প্ৰভাব পৰিছে আলুৰ বজাৰত । যাক লৈ এতিয়া বৰপেটাৰ আলু কৃষকৰ মাজত হাহাকাৰ লাগিছে । সেয়েহে কৃষকসকলে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক আলুৰ মূল্য নিৰ্ধাৰণৰ বাবে দাবী জনাইছে ।

এই সন্দৰ্ভত এজন কৃষকে কয়, "অৱস্থা অতি বেয়া, বেপাৰীয়ে আলু নলয় । দাম নিদিয়ে । বহুত লোকচান হ'ব আমাৰ । প্ৰতি বিঘাত ৪০ হাজাৰ মান টকা খৰচ হৈছে । মূৰত হাত দিবলগীয়া অৱস্থা হৈছে । মন্ত্ৰী, বিধায়কসকলে এতিয়া কৃষকৰ ওপৰত গুৰুত্ব নিদিয়া হৈছে । দেশখন কেনেকৈ আগুৱাই যাব মই বুজি নাপাও । আজি আমি গ্ৰেজুৱেচন সম্পূৰ্ণ কৰি খেতি কৰি আছো । চাকৰি কৰিলে এটা পৰিয়াল পোহপাল দিব পাৰি আৰু আমি ৫২-৫৫ বিঘাত খেতি কৰিছো ৷ কিমান মানুহে এই খেতিৰ ওপৰত পৰিয়াল চলাই আছে । সেয়ে চৰকাৰলৈ এটাই অনুৰোধ আমি যাতে লোকচানৰ সন্মুখীন নহওঁ । চৰকাৰে আলুবোৰ যাতে লয় আৰু উচিত মূল্য পাও ।"

আলুৰ মূল্য নিৰ্ধাৰণৰ দাবী

উল্লেখ্য যে বৰপেটাৰ বাঘবৰ আৰু চেঙাৰ চৰাঞ্চলত উৎপাদিত হয় সৰ্বাধিক আলু । প্ৰায় ৭০ শতাংশ কৃষিভূমিতে আলু খেতি কৰে কৃষকসকলে । আনৰ মাটি লীজত লৈ অত্যধিক মূল্যত সাৰ-বীজ ক্ৰয় কৰি আলু খেতি কৰা কৃষকসকল উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ ফলত এতিয়া ব্যাপক লোকচানৰ সন্মুখীন হৈছে । সেয়ে চৰকাৰক আলুৰ নিম্নতম মূল্য নিৰ্ধাৰণৰ দাবী জনাইছে কৃষকসকলে ।

লগতে পঢ়ক :'হাড়গিলা বাইদেউ'লৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান - TIMES 2025 WOMEN OF THE YEAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.