Protest in Shilsanko: পুনঃসংস্থাপন অবিহনে সীমা নিৰ্ধাৰণৰ বিৰোধিতা শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ - Eviction in Silsako beel
🎬 Watch Now: Feature Video
Published : Aug 24, 2023, 5:16 PM IST
গুৱাহাটী,২৪ আগষ্ট: শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ GMDA কৰ্তৃপক্ষই কৰা সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে । উচ্ছেদিতক পুনঃসংস্থাপন অবিহনে সীমা নিৰ্ধাৰণ কৰিলে চৰকাৰে ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হব লাগিব বুলি হুংকাৰ দিয়ে উচ্ছেদিত ৰাইজে ।
শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলসাঁকোৰ লিচাং নগৰত বৃহস্পতিবাৰে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিকুল বতৰকো নেওচি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে ‘‘আমাক পুনৰ সংস্থাপন লাগিবই’’, ‘‘পুনৰ সংস্থাপন নিদিয়াকৈ সীমা নিৰ্ধাৰণ কৰিবলৈ দিয়া নহব’’, ‘‘মাটি আমাক লাগিবই’’, ‘‘থলুৱাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক’’, ‘‘GMDA ৰ দালাল ৰাজ বন্ধ কৰক’’, ‘‘নাৰায়ণ ডেকা হায় হায়, থলুৱাক উচ্ছেদ কৰা হিমন্ত বিশ্ব শৰ্মা হায় হায়’’ আদি শ্ল'গানৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
লগতে পঢ়ক: Mp Dilip Saikia slams Hagrama: হাগ্ৰামাৰ সমালোচনাত মুখৰ সাংসদ দিলীপ শইকীয়া