আমাৰ লক্ষ্য আৰু প্ৰত্যাহ্বান হ'ব ৰঞ্জি খেলুৱৈ সৃষ্টি কৰা: শান্তনু পূজাৰী

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 9:29 AM IST

Updated : Dec 13, 2023, 9:46 AM IST

thumbnail

যোৰহাট, 13 ডিচেম্বৰ : বিগত সময়ত যোৰহাটৰ পৰা বহু ৰঞ্জি খেলুৱৈ সৃষ্টি হৈছিল আৰু অসম দলত স্থান লাভ কৰিছিল ৷ কিন্তু এতিয়া সেই ঠাই পূৰণত ব্যৰ্থ হৈছে যোৰহাট ক্ৰীড়া সন্থা ৷ কিয় পূৰ্বৰ স্থান লাভ কৰাত ব্যৰ্থ হৈছে যোৰহাটৰ খেলুৱৈ ! সেই কিয়টো লৈ এতিয়া যুঁজি আছে যোৰহাট জিলা ক্ৰীড়া সন্থা ৷ এই কথা জানিবলৈ দিয়ে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত শান্তনু পূজাৰীয়ে ৷

খেল আৰু খেলুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত জিলা ক্ৰীড়া সন্থাৰ এক গুৰু দায়িত্ব ন্যস্ত হৈ থাকে ৷ তেনে এক সন্মানীয় অনুষ্ঠানৰ প্ৰতি সদা দৃষ্টি থাকে প্ৰতিজন ক্ৰীড়া অনুৰাগী আৰু ৰাইজৰ ৷ চতুৰ্থবাৰৰ বাবে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈ শান্তনু পূজাৰীয়ে ই টি ভাৰত অসমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘আজিৰ সময়ত যোৰহাটত বিভিন্ন পৰ্যায়ৰ খেল অনুষ্ঠিত কৰা হৈছে ৷ খেল, খেলুৱৈ আৰু খেলপথাৰ উন্নয়নৰ কাৰণে আমি সদায় বদ্ধপৰিকৰ ৷ কাৰণ বিগত সময়ত যোৰহাটৰ পৰাই বহু ৰঞ্জি খেলুৱৈ সৃষ্টি হৈছিল আৰু অসম দলত স্থান লাভ কৰিছিল ৷ এতিয়া কিয় স্থান লাভ কৰা নাই ! সেই কিয়টো লৈ আমি যুঁজি আছো ৷ মই নিজেও ব্যক্তিগতভাৱে এই চেষ্টাক সফল কৰা বাবে আগভাগ লোৱা লগতে মোৰ নেতৃত্বত থকা টীমে কাম কৰি আছে ৷ প্ৰত্যাহ্বান আগত লৈ আমি আগবাঢ়ি যোৱা সংকল্প গ্ৰহণ কৰিছো ৷’’

লগতে পঢ়ক : RTI ৰ তথ্য বিচৰাৰ বাবেই এঘৰীয়া হ’ল যোৰহাটৰ নিৰঞ্জন বৰা

Last Updated : Dec 13, 2023, 9:46 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.