ETV Bharat / state

অসমৰ কৃষিক্ষেত্ৰৰ বাবে নতুন প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন: অতুল বৰা - REGIONAL AGRICULTURE FAIR

অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে আঞ্চলিক কৃষি মেলা । উত্তৰ পূৱৰ কৃষকৰ অংশগ্ৰহণ ।

Assam Agricultural University
অসমৰ কৃষি ক্ষেত্ৰৰ বাবে নতুন প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 6:03 PM IST

যোৰহাট : যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আঞ্চলিক কৃষিমেলা । কৃষিমেলাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । উক্ত মেলাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে কৃষিক্ষেত্ৰলৈ অৱদান আগৱঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কসকলক বিশেষভাৱে পুৰস্কৃত কৰাৰ লগতে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় । ফলত কৃষিক্ষেত্ৰখনত তেওঁলোক আগবাঢ়ি যোৱাত প্ৰেৰণা লাভ কৰিব ।

কৃষিক্ষেত্ৰৰ বাবে প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন

অসমৰ কৃষি ক্ষেত্ৰৰ বাবে নতুন প্ৰত্যাহ্বান জলবায়ু পৰিৱৰ্তন (ETV Bharat Assam)

কৃষি মন্ত্ৰীগৰাকীয়ে কয়,"বৰ্তমান সময়ত কৃষিক্ষেত্ৰৰ বাবে জলবায়ু পৰিৱৰ্তন এক প্ৰত্যাহ্বান হৈ পৰিছে । গোলকীয় উষ্ণতাৰ লগত খাপ খুৱাই অসম কৃষি বিশ্ববিদ্যালয়ে ন ন কৌশল আৰু উদ্ভাৱনী শক্তি আৱিষ্কাৰ কৰিছে । যাৰ ফলত আমাৰ কৃষকসকল উপকৃত হৈছে । আনহাতে ৰাজ্যিক ফল হিচাপে নেমুটেঙাক স্বীকৃতি দিয়াৰ পিছত এই নেমুটেঙা যাতে নষ্ট হ'ব নোৱাৰে তাৰ বাবেও দীৰ্ঘদিনীয়া এক সংৰক্ষণৰ ব্যৱস্থা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।" তেওঁ লগতে কয় যে ইয়াৰ ফলত নেমু খেতিৰ লগত জড়িত কৃষকসকল উপকৃত হ'ব । কাৰণ নেমুটেঙাৰ ৰস যথেষ্ট উপকাৰী ।

আনহাতে দেশৰ কৃষি মন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে । তেওঁ কয়,"কৃষিক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে ভাৰত চৰকাৰে নতুন নতুন পৰিকল্পনা আৰম্ভ কৰিছে । সেই পৰিকল্পনাসমূহ আমি কৃষকৰ মাজলৈ লৈ যাব লাগিব ।" পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি বন্যহস্তী আৰু বান্দৰে যিসকল কৃষকৰ কৃষিভূমি নষ্ট কৰিছে তেনে কৃষকক ফচল বীমা আঁচনিৰ অধীনলৈ নিব পাৰি নেকি সেয়াও চাব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।

আঞ্চলিক কৃষি মেলা

উল্লেখ্য যে আঞ্চলিক কৃষিমেলাত মণিপুৰ, নাগালেণ্ডকে ধৰি উত্তৰ পূবৰ সকলো ৰাজ্যৰে কৃষকসকলে অংশগ্ৰহণ কৰে । কৃষি মেলাত মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা সহিতে বিভিন্ন বিশিষ্ট বক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :অসমত হাতীৰ সংখ্যা বৃদ্ধি; আনন্দৰ লগতে ই উদ্বেগৰো কাৰণ নেকি ? - GROWTH OF GENTLE GIANTS IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.