ETV Bharat / state

শিৱসাগৰত দলে-বলে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান: কাৰণ বিচাৰি পোৱা নাই কংগ্ৰেছে - CMS VIGILANCE RAIDS IN SIVASAGAR

শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ তদাৰকী কোষৰ অভিযানৰ আঁৰত ৰাজনৈতিক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকাৰ সন্দেহ ৷

CMS VIGILANCE RAIDS IN SIVASAGAR
শিৱসাগৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানক লৈ চলিছে বিশেষ চৰ্চা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 5:30 PM IST

শিৱসাগৰ: শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত শনিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলায় ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ছয়জনীয়া দলটোৱে শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ দলেৰ চৰকাৰী বাসগৃহত এই অভিযান চলায় ৷ অভিযানৰ সময়ত শিৱসাগৰ সদৰ আৰক্ষীৰ এটা দলো উপস্থিত আছিল ৷ জানিব পৰা মতে তদাৰকী কোষৰ আন দুটা দলে গুৱাহাটীৰ লগতে তেওঁৰ ঢকুৱাখনাৰ বাসগৃহত তালাচী চলাই আছে ৷

অশ্বিনী কুমাৰ দলেই তিনি বছৰৰ পূৰ্বে শিৱসাগৰত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া হিচাবে যোগদান কৰিছিল ৷ ইয়াৰ পূৰ্বে তেওঁ শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু অতিৰিক্ত আয়ুক্ত হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ মিচিং সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেতা, সাংস্কৃতিক কৰ্মী হিচাপে পৰিচিত অশ্বিনী কুমাৰ দলে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনবিদো ৷ তেওঁ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা সুমিত্ৰা পাতিৰৰ কনিষ্ঠ ভাতৃ ৷

শিৱসাগৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযানক লৈ চলিছে বিশেষ চৰ্চা (ETV Bharat Assam)

অশ্বিনী কুমাৰে দলেই শেহতীয়াকৈ সংগোপনে ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ কৰি তুলিছিল বুলি চৰ্চা চলিছে ৷ আন নালাগে আগন্তুক ২০২৬ ত তেওঁ ঢকুৱাখনা অথবা ধেমাজিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও চৰ্চিত হৈছিল ৷ বিগত ২২ ডিচেম্বৰত তেওঁক বি টি আৰৰ যুটীয়া সচিব হিচাবে বদলি কৰা হৈছিল যদিও তেওঁ বৰ্তমানলৈকে নিজৰ কৰ্মস্থলীত যোগদান কৰা নাছিল ৷ ইয়াৰ বিপৰীতে দলেই চাকৰিৰ পৰা ভি আৰ এচ লোৱাৰ বাবে তৎপৰতা চলাই থকাৰ কথা পোহৰলৈ আহিছে ৷

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি পুৱাৰে পৰা তেওঁৰ বাসগৃহত অভিযান চলোৱাৰ পিছতেই উত্থাপিত হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ প্ৰকৃততে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ নে জিলা পৰিষদৰ আঁচনি ৰূপায়নৰ নামত সংঘটিত হৈছে দুৰ্নীতি ? অভিযানৰ আতংকৰে অশ্বিনী দলেক বশ কৰাৰ চেষ্টা নেকি এয়া, ইয়াকে লৈ সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা ৷ ইফালে এই প্ৰতিবেদন যুগুত কৰা সময়লৈকে বিষয়াগৰাকীৰ জিম্মাৰ পৰা কোনো আপত্তিজনক সামগ্ৰী অথবা নগদ ধন উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে ৷

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এই অভিযান ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয়, "শিৱসাগৰ জিলা পৰিষদত এনে কোনো দুৰ্নীতি হৈ আছে বুলি এজন বিধায়ক হিচাপে মোৰ নজৰলৈ অহা নাছিল ৷ যদি দুৰ্নীতি হৈছিল তেন্তে বিধায়কৰে প্ৰৰোচনাতে হৈছিল চাগৈ ৷ আমাৰ চি ই অ’জনে চোৰাং গৰু কেলেংকাৰীৰ কাৰণে পদক্ষেপ লোৱা বাবেই চাগৈ তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ল বুলি মোৰ ধাৰণা ৷"

লগতে পঢ়ক: ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে নগাঁৱত চি আই ডিৰ অভিযান: CID raids in Nogaon

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.