ETV Bharat / state

পহিলা জানুৱাৰীতে মিছা মাতিলে মুখ্যমন্ত্ৰীয়ে: তথ্য় সহকাৰে উদঙালে অখিল গগৈয়ে - MLA AKHIL GOGOI

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু প্ৰধানমন্ত্রীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তথ্য হাতত লৈ অখিল গগৈৰ সংবাদমেল ।

MLA Akhil Gogoi
পহিলা জানুৱাৰীতে মিছা মাতিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 6:19 PM IST

গুৱাহাটী : বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক মিছা কথাৰে আভুৱা ভাৰিলে । এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । পহিলা জানুৱাৰীত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ । বিশেষকৈ অসমৰ অৰ্থনৈতিক অৱস্থা আৰু মুখ্যমন্ত্রীৰ দাবীৰ প্ৰসংগত সংবাদমেল সম্বোধন কৰে অখিল গগৈয়ে । গুৱাহাটীৰ নিজৰাপাৰস্থিত বাসভৱনত সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে কয়, "মুখ্যমন্ত্রীয়ে পহিলা জানুৱাৰীত অসমৰ অৰ্থনীতিৰ প্ৰসংগত মিছা কথা কৈছিল । আজি মই ৰিজাৰ্ভ বেংকৰ লগতে প্ৰধানমন্ত্রীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তথ্যৰ ভিত্তিত এই তথ্যখিনি দাঙি ধৰিছো ।"

জি ডি পিৰ বিপৰীতে ঋণৰ পৰিমাণ ৪৮ শতাংশ :

পহিলা জানুৱাৰীতে মিছা মাতিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে কয়, "তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল অৰ্থাৎ ২০১১-১৬লৈ জি ডি পিৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিল ৭.৬ শতাংশ আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল ১০.৯ শতাংশ । সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ২০১৬-২১ লৈকে জি ডি পিৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিল ৫.৪ শতাংশ আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল ১৬.৬ শতাংশ । আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ তিনিবছৰীয়া কাৰ্যকালত জি ডি পিৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ ৮.৮ শতাংশ হোৱাৰ লগতে ঋণ বৃদ্ধিৰ হাৰ হয়গৈ ১৯ শতাংশ । ২০১৯ চনলৈকে অসমৰ জি ডি পিৰ স্থিৰ মূল্যৰ অনুপাতে ঋণৰ হাৰ আছিল ২০ ৰ পৰা ২৫ শতাংশ । কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জি ডি পি অনুপাতে ঋণৰ হাৰ হ'লগৈ ৪৮ শতাংশ । আজিৰ দিনটোত অসমৰ ধাৰ হ'ল ১ লাখ ৫০ হাজাৰ কোটি টকা । আজিৰ দিনটোত অসমৰ জি ডি পি স্থিৰ মূল্যত ৩.১৮ লাখ কোটি টকা । আজিৰ দিনটোত অসমৰ জি ডি পি ৩ লাখ কোটি টকা আৰু ঋণৰ পৰিমাণ ডেৰ লাখ কোটি টকা । অৰ্থাৎ আমাৰ জি ডি পিৰ বিপৰীতে ঋণৰ পৰিমাণ ৪৮ শতাংশ । ঋণ বৃদ্ধিৰ এই হাৰে জি ডি পিক একেবাৰে অৰ্থহীন কৰি পেলাইছে । বছৰত ৰাজ্যখনে যিমান উপাৰ্জন কৰে তাৰ আধাই হ'ল ধাৰ ।"

দেশৰ অৰ্থনীতিত অসমৰ অৱদান :

ভাৰতৰ অৰ্থনীতিত অসমৰ অৱদান প্ৰসংগত অখিল গগৈয়ে কয়, "প্ৰধানমন্ত্রীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনত ৰাজ্যসমূহৰ অংশ হিচাপে অসমৰ অৱদান অতি শোচনীয় । ১৯৬০-৬১ চনত দেশৰ মুঠ জি ডি পিত অসমৰ অংশ আছিল ২.৬ শতাংশ । ১৯৭০-৭১ চনত কমি ২.৪ শতাংশ হ'ল । ১৯৮০-৮১ চনত আৰু কমি ২.১ শতাংশ হ'ল । ১৯৯০-৯১ চনত কিছু বৃদ্ধি পাই ২.৪ শতাংশ হ'ল । ২০০০-০১ চনত কমি ১.৯ শতাংশ হ'ল । ২০১০-১১ চনত কমি হ'ল ১.৬ শতাংশ । ২০২০-২১ চনত ইয়াৰ পৰিমাণ হ'ল ১.৭ শতাংশ । বৰ্তমান ২০২৩-২৪ বৰ্ষত দেশৰ মুঠ জিডিপিত অসমৰ অংশটো হৈছে ১.৯ শতাংশ । অসমৰ অৰ্থনীতি ক্ৰমাগতভাৱে দেউলীয়া হৈ গৈ আছে । দেশৰ অৰ্থনীতিত অসমৰ অৱদান তলফালৰ পৰা চতুৰ্থ । এইটো হৈছে অসমৰ অৰ্থনৈতিক অৱস্থা ।"

অসমৰ গড় জনমূৰি আয় কিমান :

অসমৰ মানুহৰ প্ৰকৃত অৱস্থা সন্দৰ্ভত অখিল গগৈয়ে কয়, "আজিৰ দিনটোত অসমৰ গড় জনমূৰি আয় ১.৩৫ লাখ টকা । ১৯৬০-৬১ চনত অসমৰ মানুহৰ অৱস্থা ভাৰতৰ মানুহতকৈ ভাল আছিল । এজন ভাৰতীয়ই যদি ১০০ টকা উপাৰ্জন কৰিছিল তাৰ বিপৰীতে অসমৰ এজন লোকে উপাৰ্জন কৰিছিল ১০৩ টকা । সেই হিচাপত ১৯৭০-৭১ চনত ১০০ টকাৰ বিপৰীতে আছিল ৮৪.৫ টকা । ১৯৮০-৮১ চনত আছিল ৭০.২ টকা । ১৯৯০-৯১ চনত আছিল ৭৫.৫ টকা । ২০০০-০১ চনত আছিল ৬৪.৭ টকা । ২০১০-১১ চনত আছিল ৬১.২ টকা । ২০২০-২১ চনত আছিল ৬৮.৩ টকা । বৰ্তমান ২০২৩-২৪ চনত ইয়াৰ পৰিমাণ হৈছে ৭৩.৭ টকা । অৰ্থাৎ ভাৰতৰ এজন লোকৰ আয়ৰ তুলনাত অসমৰ এজন লোকৰ আয় ২৬.৫ শতাংশ তলত আছে । কম উপাৰ্জন কৰা ৰাজ্যৰ তালিকাত অসম তলৰ পৰা ৫ নম্বৰত আছে ।"

অসমৰ ঋণৰ ৰূপৰেখা :

মুখ্যমন্ত্রীয়ে ঋণৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে বলদেৱ মহন্তৰ কবিতাৰে "সুখ কাৰ নাই" তাৰ ব্যাখ্যা আগবঢ়ায় । তেওঁ কয়, "মুখ্যমন্ত্রীয়ে ধাৰ-ঋণ কৰি ঘিউ-মৌ খোৱাৰ দৰ্শনত বিশ্বাস কৰে । জি ডি পিৰ ৪৮ শতাংশ ধাৰ লোৱাৰ পাছতো মুখ্যমন্ত্রীয়ে সুখী হোৱাৰ কথা কৈছে । স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকাললৈ (১৯৪৭-২০১৬ চনৰ ৩১ মাৰ্চলৈকে) অসমৰ মুঠ ধাৰ আছিল ৪১,৯৬৪ কোটি টকা । সৰ্বানন্দ সোণোৱালৰ ৫ বছৰীয়া কাৰ্যকালত লোৱা ধাৰৰ পৰিমাণ ৪৭,৭৪৫ কোটি টকা । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৩ বছৰীয়া কাৰ্যকালত ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চলৈকে লোৱা ধাৰৰ পৰিমাণ হৈছে ৬১,১৯১ কোটি টকা । ২০২৪ চনৰ ৩১ মাৰ্চলৈকে অসমৰ মুঠ ধাৰৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা । ইয়াৰ পৰা এইটো প্ৰমাণ হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমখন সম্পূৰ্ণৰূপে ডুবাই পেলালে ।"

ঋণৰ বিপৰীতে সুদৰ নামত অসমে কিমান টকা ভৰিলে :

ধাৰ পৰিশোধৰ প্ৰসংগত অখিল গগৈয়ে কয়, "বিজেপিৰ ৮ বছৰীয়া কাৰ্যকালত অসমে ঋণৰ সুদ পৰিশোধ কৰিলে ৪২ হাজাৰ ৬১ কোটি টকা । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালত সুদ দিবলগীয়া হৈছে ২২,৪১০ কোটি টকা । আনহাতে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত সুদ দিয়া হৈছিল ১৯,৬৫১ কোটি টকা । তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত ধাৰ মাৰিবলগীয়া হৈছিল ২৬,৩৬৯ কোটি টকা । পহিলা জানুৱাৰীৰ দিনা মুখ্যমন্ত্রীয়ে আৰু কেইবাটাও মিছা কথা ক'লে । ২০১৪ চনলৈকে থকা সকলো ধাৰ পৰিশোধ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কৈছিল । কিন্তু সেইটো একেবাৰে মিছা কথা । চৰকাৰখনে ৫ হাজাৰ কোটি টকাৰ ধাৰ মাৰিছে । তৰুণ গগৈৰ কাৰ্যকালত ধাৰ আছিল ৪১ হাজাৰ কোটি টকা । এতিয়াও সেই ধাৰ মাৰিবলৈ বাকী আছে ।"

বছৰৰ প্ৰথম দিনাই মিছা কথা ক'লে মুখ্যমন্ত্রীয়ে :

মুখ্যমন্ত্রীক কঠোৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কয়, "পহিলা জানুৱাৰীৰ দিনা ধাৰ লৈ অসমৰ উন্নতি কৰিম বুলি ক'ব পৰা এজন মুখ্যমন্ত্রী অসমত জন্ম হৈছে । পহিলা জানুৱাৰীৰ দিনা ইতিবাচক কথা ক'ব লাগে । কিন্তু মুখ্যমন্ত্রীয়ে পহিলা জানুৱাৰীৰ দিনা অসমীয়া মানুহৰ ধাৰ লৈ উন্নতি কৰাৰ কথা ক'লে । বছৰটোৰ প্ৰথম দিনাই মিছা কথা কৈ অসমৰ মানুহক মুখ্যমন্ত্রীয়ে আভুৱা ভাৰিলে ।"

মুখ্যমন্ত্রীক প্ৰত্যাহ্বান অখিল গগৈৰ :

মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, "মই মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাইছো যদি সৎ সাহস আছে তেন্তে এখন ৰাজহুৱা ঠাইত অসমৰ অৰ্থনীতিৰ ফুলাম ছবিখন দাঙি ধৰক । আমি তেখেতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো । আমি প্ৰকৃত ছবিখন দাঙি ধৰিম ।"

সকলোতে কেৱল হিমন্ত বিশ্ব শৰ্মা :

ৰাজ্যখনৰ সামজিক অৱস্থা সন্দৰ্ভত অখিল গগৈয়ে কয়, "অপৰাধৰ হাৰ হ্ৰাস কৰাৰ বাবে অসমত এতিয়া গোচৰ ৰুজু কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ অনুমতি ল'ব লাগে । অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা একে সময়তে অসমৰ মুখ্যমন্ত্রী, অসমৰ গৃহ মন্ত্রী, অসমৰ অ'চি, অসমৰ এছ পি, অসমৰ ডিজিপি আৰু অসমৰ গাওঁবুঢ়াও । দেশৰ গণতান্ত্রিক ব্যৱস্থাটোক নাইকিয়া কৰি পেলাইছে । প্ৰসূতিৰ মৃত্যুৰ হাৰৰ ক্ষেত্রত অসম দেশৰ ভিতৰতে এক নম্বৰত আৰু নৱজাতকৰ মৃত্যুৰ হাৰৰ ক্ষেত্রত তিনি নম্বৰত । দৰিদ্ৰতাৰ ক্ষেত্রত ৭ নম্বৰত । আধাতে স্কুল এৰাৰ ক্ষেত্রত দেশৰ ভিতৰত অসম এক নম্বৰত । অৰ্থনৈতিক আৰু সামাজিকভাৱে অসম পিছপৰি আছে ।"

অসমৰ অৰ্থনীতিৰ ওপৰত শ্বেতপত্র প্ৰকাশৰ দাবী :

অখিল গগৈয়ে লগতে কয়, "অসম এতিয়া অৰুণোদয় মডেলত পৰিণত হৈছে । অসমৰ নতুন প্ৰজন্মই কৃষিক বাদ দি উপাৰ্জন কৰাৰ পথ হিচাপে বাচি লৈছে হাজিৰা কৰা আৰু বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কৰা । অসমত পেছাদাৰিত্ব শিকোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক আনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ শিকাইছে । পেছাদাৰিত্ব নীতিৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক হিতাধিকাৰী হিচাপে চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটো শিকাইছে । হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ কোনো ভৱিষ্যৎ নাই । পহিলা জানুৱাৰীত মুখ্যমন্ত্রীয়ে দিয়া ফুলাম বক্তব্য সম্পূৰ্ণ মিছা বক্তব্য । আমি অসমৰ মুখ্যমন্ত্রীক অসমৰ অৰ্থনীতিৰ ওপৰত এখন শ্বেতপত্র প্ৰকাশ কৰাৰ দাবী জনাইছো ।" সংবাদমেলত ৰাইজৰ দলৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাই দুই নম্বৰী কোম্পানীক কাম কৰিব দিয়া বাবে পানীৰ পাইপ ফুটিছে : অখিল গগৈ - AKHIL GOGOI SLAMS ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.