Thieves arrested: মঙলদৈ আৰক্ষীৰ জালত একেলগে সাতটাকৈ গভাইত চোৰ - Thieves arrested in Mangaldoi
🎬 Watch Now: Feature Video
মঙলদৈত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰব ৷ সঘনাই সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ড ৷ চুৰিকাণ্ড নিয়ন্ত্ৰণৰ বাবে চোৰৰ বিৰুদ্ধে আৰক্ষীয়েও অব্যাহত ৰাখিছিল অভিযান । শেহতীয়াকৈ মঙলদৈ আৰক্ষীৰ জালত পৰিছে একেলগে সাতটাকৈ গভাইত চোৰ (Thieves arrested by Mangaldoi Police) ৷ আটকাধীন চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহুকেইবিধ চুৰিৰ সামগ্ৰী ৷ মঙলদৈ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোয়ে চোৰকেইটাৰ পৰা দুটা পানী উঠোৱা মটৰ, দুখন চাইকেল আৰু পুখুৰীত লুকুৱাই থোৱা অৱস্থাত গ্ৰীল মেচিন উদ্ধাৰ কৰে । আনহাতে মঙলদৈ আৰক্ষীয়ে বহুকেইটা ড্ৰাগছ কন্টেইনাৰসহ আটক কৰিছে দুই ড্ৰাগছ ব্যৱসায়ী যুৱকক । ধৃত যুৱকজনৰ পৰা এটা মোবাইল আৰু কিছু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:25 PM IST