thumbnail

By

Published : Jun 3, 2023, 6:04 PM IST

ETV Bharat / Videos

Tense situation for patient death: মৃতকৰ পৰিয়ালক গুৰুলা-গুৰুলকৈ প্ৰহাৰ নাৰ্ছিং হোমৰ নিৰাপত্তাৰক্ষীৰ

মঙলদৈ, 3 জুন : দৰং জিলাৰ মঙলদৈৰ নাৰ্চিং হোমত ভয়ংকৰ ঘটনা (Tense situation in Nursing home) ৷ শনিবাৰে মঙলদৈ চহৰৰ  JNSM পলিক্লিনিকত মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৷ দৰঙৰ বৰুৱাঝাৰৰ আছাদুল্লাহ হক নামৰ ব্যক্তিগৰাকীৰ অস্ত্ৰোপচাৰকালীন মৃত্যু হোৱাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত আত্মীয়ই প্ৰতিবাদ কৰাত চিকিৎসালয়খনত কৰ্মৰত নিৰাপত্তাৰক্ষীগৰাকীয়ে প্ৰতিবাদ কৰা মৃত ৰোগীৰ আত্মীয়ক গুৰুলা-গুৰলকৈ প্ৰহাৰ কৰে (Security guard beaten death patients family)৷ এই সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷  

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন দৰং জিলা সমিতিয়ে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত ঘটনা সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে (Tense situation for patient death)৷  চিকিৎসালয়খনৰ অভিযুক্ত নিৰাপত্তাৰক্ষী গৰাকীক মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে  ৷

উল্লেখ্য যে চিকিৎসাৰ নামত এইগৰাকী চিকিৎসকৰ হাতত প্ৰায় লোকেই প্ৰাণ হেৰুৱাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতাই ৷ ইয়াৰ পূৰ্বেও এনে বিতৰ্কত নাম সাঙোৰ খাইছিল নাৰ্ছিং হোমখনৰ ৷ 

লগতে পঢ়ক: Assam computer teacher: কেতিয়া নিয়মীয়া হ’ব ৰাজ্যৰ 1346 গৰাকী কম্পিউটাৰ শিক্ষকৰ চাকৰি ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.