দুলীয়াজানত 668 গৰাকী মেধাৱী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ - MERIT AWARD DISTRIBUTED IN duliajan

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 11:13 AM IST

ডিব্ৰুগড়, 8 ডিচেম্বৰ: প্ৰতিবছৰৰ দৰে এইবাৰো মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছাত্ৰী আৰু 75% নম্বৰ লাভ কৰা ছাত্ৰসকলক এই বঁটা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । দুলীয়াজান মহাবিদ্যালয়ত বৃহস্পতিবাৰে অসম চৰকাৰৰ তৰফৰ পৰা 668 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় । 

অসম চৰকাৰে বৃহস্পতিবাৰে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2023 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75 শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰীকে ধৰি মুঠ 668 গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ স্কুটী বিতৰণ কৰে । চৰকাৰীভাৱে অনুষ্ঠিত ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত দুলীয়াজান মহাবিদ্যালয়ৰ উপৰিও ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, ধেমাজি আদি জিলাৰ পৰা অহা মুঠ 668 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটীসমূহ বিতৰণ কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে স্কুটীসমূহ বিতৰণ কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই ।

অনুষ্ঠানত দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোকবিকাশ গগৈ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চাংমাইকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থী আৰু অভিভাৱক উপস্থিত থাকে ।

লগতে পঢ়ক: মামাৰ স্কুটী বিতৰণত বিসংগতি: কনভয় আগচি ক্ষুব্ধ ভাগিনীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.