thumbnail

By

Published : Aug 18, 2023, 1:31 PM IST

ETV Bharat / Videos

Conjunctivitis in Majuli: মাজুলীত আই ফ্লুৰ বাবে বিদ্যালয় বন্ধ

মাজুলী, ১৮ আগষ্ট: ৰাজ্যত অব্যাহত আছে চকুৰ ফ্লু বা কনজাংকটিভাইটিছ । নিতৌ নতুন নতুন লোক এই ফ্লু বা কনজাংকটিভাইটিছত আক্ৰান্ত হৈছে । সত্ৰ নগৰী মাজুলীতো অব্যাহত আছে কনজাংকটিভাইটিছ ।  

মাজুলীত কনজাংকটিভাইটিছৰ বাবে বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন বন্ধ ঘোষণা কৰা হৈছে । এই ফ্লুৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিছে কৰ্তৃপক্ষই । আই ফ্লুৰ বাবে দুদিনীয়াকৈ বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়খন । বিদ্যালয়খনৰ প্ৰায় ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২০০ গৰাকী ছাত্ৰ- ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ সৰহ সংখ্যক আচাৰ্য-আচাৰ্যা আক্ৰান্ত হৈ আছে ফ্লুত ।

কিছুমান ছাত্ৰ-ছাত্ৰীয়ে উপশম পাইছে যদিও কিছুমানৰ আকৌ নতুনকৈ আৰম্ভ হৈছে । ফলত আজিৰ পৰা দুদিনীয়কৈ বন্ধ ঘোষণা কৰিছে বিদ্যালয়খন । মাজুলীৰ প্ৰতিখন গাঁৱতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:ULFA Peace Accord: শুকুৰবাৰে নতুন দিল্লীত আলফা-কেন্দ্ৰ চৰকাৰৰ বৈঠক; শান্তি চুক্তিৰ ওপৰত হ’ব আলোচনা  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.