Sarbananda Sonowal in Lakhimpur: লখিমপুৰৰ প্ৰয়াত সমাজকৰ্মী খগেন গগৈৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল

By

Published : Feb 19, 2023, 8:27 PM IST

thumbnail

লখিমপুৰ, 19 ফেব্ৰুৱাৰী: লখিপুৰ জিলাৰ সমাজকৰ্মী প্ৰয়াত খগেন গগৈৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Minister Sarbananda Sonowal) ৷ দেওবাৰে খগেন গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লখ্য যে, প্ৰয়াত খগেন গগৈ আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ একালৰ সতীৰ্থ (Sarbananda Sonowal in Lakhimpur) ৷  

খগেন গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰিয়ালৰ লোকৰ সৈতে মতবিনিময় কৰাৰ লগতে পূৰ্বৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰিল সৰ্বানন্দ সোণাৱাল ৷ তেওঁ কয়, ‘‘খগেন গগৈৰ বিয়োগৰ কথা শুনি অত্যন্ত মৰ্মাহত হ’লো ৷ তেওঁ এগৰাকী ভাল নেতা আছিল ৷’’ সদৌ অসম ছাত্ৰ সন্থাত খগেন গগৈৰ সৈতে একেলগে কাম কৰা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ খগেন গগৈয়ে সমাজৰ বাবে যি সেৱা আগবঢ়ালে সেৱা চিৰস্মৰণীয় হৈ ৰ’ব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Lakhimpur Khagen Gogoi passed away) ৷

উল্লেখ্য যে, 12 ফেব্ৰুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে সমাজকৰ্মী খগেন গগৈয়ে ৷ লখিমপুৰৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল খগেন গগৈয়ে ৷ 2003 চনৰ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ খগেন গগৈয়ে আদৰণি সমিতিৰ প্ৰধান সম্পাদক দায়িত্ব গ্ৰহণ কৰিছিল । ছাত্ৰ আন্দোলনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য, লখিমপুৰ জিলাৰ সম্পাদক আদি পদত কাৰ্যনিৰ্বাহ কৰি আন্দোলন অথবা ছাত্ৰ সন্থাৰ বিভিন্ন কামত তেওঁ নেতৃত্ব দিছিল (Social activist Khagen Gogoi) ।

এইগৰাকী নিষ্ঠাৱান সমাজকৰ্মী মৃত্যুত স্বাভাৱিকতেই শোকস্তব্ধ হৈ আছে জিলাখন ৷ উল্লেখ্য যে, ধেমাজি জিলাৰ চিমেন চাপৰিত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা উভতি অহাৰ পথত নিশা ধেমাজি নগৰত হঠাৎ অসুস্থ হৈ পৰে গগৈ ৷ তাৰ কিছুসময় পাচতেই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে ৷

শৈক্ষিক ক্ষেত্ৰটো খগেন গগৈয়ে আগবঢ়াই থৈ গৈছে বহু অৱদান । আৰোহণ নামৰ এখন জাতীয় বিদ্যালয়ো পৰিচালনা কৰিছিল প্ৰয়াত গগৈয়ে । সাহিত্য-সংস্কৃতিৰ পৰা সমাজ জীৱনলৈ আজীৱন অৱদান আগবঢ়াই 55 বছৰ বয়সত আকস্মিক মৃত্যুক আঁকোৱালি লয় খগেন গগৈয়ে (Khagen Gogoi demise) ৷  

 লগতে পঢ়ক: Health department exam paper leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমাসহ স্বামীক জে’ললৈ প্ৰেৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.