thumbnail

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:06 PM IST

ETV Bharat / Videos

Sankar janmotsav:আৰম্ভ হ’ল গুৰুজনাৰ জন্মোৎসৱ, হৰি নামেৰে মুখৰিত বিহপুৰীয়া

বিহপুৰীয়া, 22 ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন স্থানত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে জগতগুৰু শ্ৰীমন্তশংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী ৷ ৩৪ খন গাঁৱৰ সমন্বয়ৰ প্ৰতীক অসম অৰুণাচল সীমান্তৱৰ্তী পথালি পাহাৰ আঞ্চলিক কেন্দ্ৰীয় জন্মোৎসৱ সমিতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্ম জয়ন্তী ভাগি এইবর্ষৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পথালিপাহাৰ বৰ নামঘৰত অনুষ্ঠিত কৰিছে ৷

অঞ্চলটোৰ পিঠাগুৰি মাজগাঁও নামঘৰ, পথালি পাহাৰ যোৰহতীয়া গাঁও আৰু পথালি পাহাৰ প্ৰাথমিক শাখা নামঘৰত সমান্তৰালভাৱে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ শুকুৰবাৰে পুৱাৰ প্ৰসংগ, ঊষা কীৰ্ত্তনেৰে পথালি পাহাৰ বৰনামঘৰত প্ৰথমদিনাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পিচতেই সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ৫০ খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ ৫০ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে । পথালি পাহাৰ বৰ নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী তথা গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈছে সমিতিয়ে ৷ গুৰুজনাৰ পৱিত্ৰ জন্মোৎসৱক কেন্দ্ৰ কৰি হৰি নামেৰে মুখৰিত হৈছে পথালি পাহৰৰ আকাশ-বতাহ ৷

লগতে পঢ়ক : Awareness rally:মদ-ভাং, ড্ৰাগছৰ বেহা যিদৰে গঢ় লৈ উঠিছে, এসময়ত মানুহ বোলা পৰিচয়টো নাথাকিবগৈ!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.