Robbery at Rangia: সহায় কৰাৰ চলেৰে লোকৰ পৰা লুটিলে 49 হাজাৰ নগদ ধন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:43 PM IST

thumbnail

ৰঙিয়া, 6 ছেপ্টেম্বৰ : ৰঙিয়া নগৰৰ মাজমজিয়াত দিন ডকাইতিৰ ঘটনা। দুই দুৰ্বৃত্তই এজন লোকৰ পৰা নগদ 49 হাজাৰ টকা লুট কৰি লৈ যায় ৷ ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে ৰঙিয়াৰ সমীপৰ লাহাপাৰা নিবাসী তথা ক্ষুদ্ৰ ব্যৱসায়ী চাইদুল ইছলামে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন উলিয়াবলৈ ইণ্ডিয়ান বেংক (এলাহাবাদ বেংক)ৰ ৰঙিয়া শাখালৈ আহিছিল । পিচত যুৱকজনে ধন উলিওৱা প্ৰ-পত্ৰ পূৰণৰ বাবে বেংকৰ ভিতৰত এজন অচিনাকি যুৱকৰ সহায় লয় । কিছুসময়ৰ পিছত চাইদুল ইছলামে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা লাভ কৰা নগদ 49 হাজাৰ টকা উলিয়াই ঘৰ অভিমুখে ৰাওনা হয় । 

কিন্তু ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানৰ সমীপত বেংকৰ ভিতৰত প্ৰ-পত্ৰ পূৰণত সহায় কৰা যুৱকজনৰ লগতে আন এজন যুৱকে চাইদুলক হেঁচা মাৰি ধৰে । দুই দুৰ্বৃত্তৰ সৈতে হতাহতি লগাৰ সময়ত বেংকৰ ভিতৰত প্ৰ-পত্ৰ পূৰণ কৰি দিয়া যুৱকজনে নাকত আৰু মুখত কাপোৰেৰে সোপা মাৰি ধৰাত চাইদুল ঠিতাতে অজ্ঞান হৈ পৰে । 

সেই সময়তে দুই দুৰ্বৃত্তই চাইদুলৰ পৰা 49 হাজাৰ টকা আৰু মোবাইলটো কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । চাইদুলক আক্ৰমণ কৰাৰ সময়ত ঠাইডোখৰত মানুহৰ সমাগম নাছিল বাবে চাইদুল কিছু সময়লৈ সেই স্থানতে অজ্ঞান হৈ পৰি থাকে । পিচত চাইদুলৰ জ্ঞান ওভতি অহাত তেওঁ নিজৰ জেপ খুচৰি চাই ডকাইতি হোৱাৰ কথা জানিব পাৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপে চাইদুল ইছলামে ।

লগতে পঢ়ক: Brutally beat up incident: এখন ঠেলাক কেন্দ্ৰ কৰি এটা পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.