বুলেট চলাই পথ সুৰক্ষা সম্পৰ্কে সজাগ কৰিলে পৰিবহণ মন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 5:40 PM IST

thumbnail

সৰুপথাৰ,১৫ ডিচেম্বৰ: জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু জিলা পথ সুৰক্ষা সমিতি, গোলাঘাটৰ সৌজন্যত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় পথ সুৰক্ষা জনচেতনা কাৰ্যসূচী । পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ স্মৃতিত বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি উক্ত সজাগতা সভা অনুষ্ঠিত কৰে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

পথ দুৰ্ঘটনাত নিহত ব্যক্তিৰ লগতে তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অন্যান্য ক্ষতিগ্ৰস্ত লোকসকলক স্মৰণ কৰাৰ উদ্দেশ্যে পালন কৰা হয় বিশ্ব স্মৃতি দিৱস । পথ দুৰ্ঘটনাৰ বিশেষকৈ বাইক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে ঘূণীয়া হোৱা বা মৃত্যুক সাৱটি লোৱা লোকৰ ভিতৰত স্কুল-কলেজত অধ্যয়নৰত ল’ৰা-ছোৱালীৰ সংখ্যা সৰ্বাধিক বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । দুৰ্ঘটনা ৰোধৰ বাবে সজাগতামূলক ভাষণ আগবঢ়াই মন্ত্রীগৰাকীয়ে সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ফাইলতে আৱদ্ধ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ চৰকাৰী প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.