লখিমপুৰত আৰক্ষীৰ বাহন খুন্দিয়াই চুৰমাৰ কৰিলে টেংকাৰে, তিনি আৰক্ষী আহত - আৰক্ষীৰ বাহন খুন্দিয়াই
🎬 Watch Now: Feature Video


Published : Jan 3, 2024, 12:50 PM IST
লখিমপুৰ, 3 জানুৱাৰী : ৰাজ্যত পথ দুৰ্ঘটনা ৰোধৰ হকে নৱবৰ্ষৰ দিনটোৰ পৰা আৰক্ষী বাহিনী সষ্টম হৈ পৰিছে যদিও দুৰ্ঘটনাৰ প্ৰকোপ বৃদ্ধিহে হৈছে । মঙলবাৰে মাজনিশা লখিমপুৰৰ ৰাজপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নগৰৰ সমীপৰ 15 নং ৰাজপথৰ মৈদমীয়াত টেংকাৰ আৰু আৰক্ষীৰ বাহনৰ মাজত মুখামুখি সংঘর্ষ হয় । এই ঘটনাত বাহনখনৰ চালকসহ তিনিগৰাকী আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । নিশাই আহতসকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, নিশা লখিমপুৰ সদৰ থানাৰ পৰা তহলৰ বাবে বিভাগীয় টাটা চুমু গাড়ী এখনেৰে আৰক্ষীৰ এটা দল 15 নং ৰাজপথেৰে গৈছিল । তাৰ পিচতেই দুপৰ নিশা আৰক্ষীৰ বাহন খনক এএছ 07 চি 8611 নম্বৰৰ গোগামুখৰ দিশৰ পৰা লখিমপুৰ অভিমুখে অহা টেংকাৰখনে তীব্রবেগেৰে খুন্দা মাৰি দিয়ে ৷ ফলত আৰক্ষীৰ বাহনখন ভাঙি চুৰমাৰ হয় ৷
এই দুৰ্ঘটনাত আৰক্ষীৰ বাহনখনত থকা তিনিজন আৰক্ষী আহত হয় । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ চালকখনে গাড়ী এৰি থৈ পলায়ন কৰে । সম্প্ৰতি আৰক্ষীয়ে দুয়োখন বাহন আনি সদৰ থানাত ৰাখিছে ।
লগতে পঢ়ক: অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰিলে মৰিগাঁও জিলা প্ৰশাসনে