Historical Rangghar: ৰংঘৰৰ ন ৰূপ দেখি হতভম্ভ ৰাইজ; বহুতেই কৰিছে বিৰোধিতা

By

Published : Apr 29, 2023, 4:33 PM IST

thumbnail

শিৱসাগৰ, ২৯ এপ্ৰিল: ৰঙীণ আলোকসজ্জাৰে সজাই তোলা হৈছে ঐতিহাসিক ৰংঘৰ (Colored illumination of Rangghar)। শনিবাৰে সন্ধিয়া ৭ বজাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত' কাৰ্যসূচীৰ বাবে ৰংঘৰ চৌহদত প্ৰজেক্টৰৰ জৰিয়তে ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱা হৈছে (Mann Ki Baat) । প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । সেয়েহে ইয়াকে লৈ বিভিন্ন দল-সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত হানিছে বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে (React on Colored of Rangghar)। ৰংঘৰটো নানা ৰঙেৰে ৰঙীণ কৰি , ধৰ্মীয় চিহ্নৰ ৰহন সানি ঐতিহ্যক আঘাত হনা কাৰ্যক গৰিহণা দিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে । এই কাৰ্যক  জাতীয় সংগ্ৰামী সেনা আৰু আটাছুৱে গৰিহণা দিছে । ইপিনে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত এই কাৰ্যক গৰিহণা দিছে ।

লগতে পঢ়ক:Suicide in Guwahati: আত্মহত্যা কৰি খোজা যুৱকৰ প্ৰাণ ৰক্ষা; সাহসী আৰক্ষী জোৱানলৈ দহ হাজাৰ টকাৰ পুৰস্কাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.