কংসৰ অট্টহাস্যত কঁপি উঠিল মহানগৰীৰ চেক্টৰ 2 - Ras mahotsav Celebration at Noonmati of Guwahati
🎬 Watch Now: Feature Video


Published : Nov 28, 2023, 11:46 AM IST
|Updated : Nov 28, 2023, 1:53 PM IST
গুৱাহাটী, 28 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ নুনমাটিতো অনুষ্ঠিত হয় ৰাস মহোৎসৱ ৷ নুনমাটি তেল শোধনাগাৰৰ চেক্টৰ 2 খেলপথাৰৰ প্ৰাংগনত সোমবাৰে নিশা অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ নুনমাটি ছাত্ৰ সন্থা, নুনমাটি সাহিত্য সভা, নুনমাটি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গুৱাহাটী তেল শোধনাগাৰ চেক্টৰ 2 খেলপথাৰ বিনোদন কেন্দ্ৰৰ সহযোগত আয়োজন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ।
আনহাতে, উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংগীত নাট একাডেমি বঁটাপ্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী, গুৱাহাটী তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক জি কে গয়াৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।
ইফালে, নিশা উৰুলি, মাংগলিক ধ্বনিৰ মুখৰিত হয় নুনমাটি শোধনাগাৰ চেক্টৰ 2 খেলপথাৰৰ প্ৰাংগন ৷ প্ৰায় 2 সহস্ৰাধিক শিল্পীৰ মাহযোৰা আখৰাৰ অন্তত সোমবাৰে নিশা পৰিৱেশন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট ৷