গোলাঘাটৰ ফৰকাটিং তিৰুৱাল গাঁৱতো ৰাস মহোৎসৱ আয়োজন - ফৰকাটিং তিৰুৱাল গাঁৱতো ৰাস মহোৎসৱ আয়োজন
🎬 Watch Now: Feature Video
Published : Nov 28, 2023, 12:52 PM IST
গোলাঘাট, 28 নৱেম্বৰ : শৰতৰ পূৰ্ণিমাৰ নিশাত সমগ্ৰ ৰাজ্যতে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । গোলাঘাটৰ ফৰকাটিং তিৰুৱাল গাঁৱতো ফৰকাটিং মূলাগাভৰু মহিলা সমিতিৰ উদ্যোগত নৱোদয় যুৱ সংঘ আৰু ফৰকাটিঙবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় ৰাস মহোৎসৱ ৷
সোমবােৰ অনুষ্ঠিত ৰাসৰ মহোৎসৱৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত দামোদৰ বৰ্মনে। গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ দাসৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷
ইফালে, স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আয়োজন কৰা ৰাস চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয় ৷ গাঁৱে-ভূঁঞে লুকাই থকা শিল্পীসকলক এখন মঞ্চ দিয়াৰ বাবে এই ৰাস মহোৎসৱ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে আয়োজক কমিটিৰ সদস্যই ৷
লগতে পঢ়ক : বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী