মৰাণৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ লাজ লগা কাণ্ড - লম্পট অধ্যক্ষ
🎬 Watch Now: Feature Video
Published : Dec 13, 2023, 10:01 PM IST
মৰাণ, 13 ডিচেম্বৰ : এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন উৎপীড়নৰ ভয়ংকৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ ইতিমধ্যে তেওঁক আটক কৰিছে মৰাণহাট আৰক্ষীয়ে ৷
চৰাইদেউ জিলাৰ মৰাণৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীয়ে বৰ্তমান চিৰঞ্জীৱ ভট্টাচাৰ্যক আটক কৰি ঘটনা সম্পৰ্কত জেৰা অব্যাহত ৰাখিছে ৷ উৎপীড়নৰ বলি হোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ অভিযোগ অনুসৰি বুধবাৰে বিদ্যালয়ৰ চাহ বিৰতিৰ সময়ত ছাত্ৰীগৰাকীক অকলশৰীয়াকৈ এটা কোঠালৈ মাতি নি শ্লীলতা হানি কৰাৰ লগতে যৌন উৎপীড়নৰ চেষ্টা চলাই তেওঁ ৷
লম্পট অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই ছাত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংগত বলপূৰ্বক স্পৰ্শ কৰাৰ লগতে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰো অভিযোগ কৰিছে ছাত্ৰী গৰাকীয়ে ৷ এই বিষয়ে কাকো নজনাবলৈ ভাবুকি প্ৰদান কৰাৰ লগতে সদায় লাইব্ৰেৰীত লগ কৰিবলৈ নিৰ্দেশ দিয়ে বুলিও জানিবলৈ দিছে ছাত্ৰীগৰাকীয়ে ৷ ছাত্ৰীগৰাকীয়ে পিচত কৌশলেৰে পলাই আহি সকলো কথা অভিভাৱকক জনোৱাৰ পাচতে ক্ষোভিত হৈ পৰিছে অভিভাৱক আৰু মৰাণৰ বিভিন্ন দল-সংগঠন ৷ লম্পট অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে অধ্যক্ষ পদৰ পৰা নিলম্বিত কৰিবলৈ দাবী জনাইছে সকলোৱে ৷
লগতে পঢ়ক : Rape charge against a teacher: ছাত্ৰীক যৌন উৎপীড়নৰ চেষ্টা শিক্ষকৰ; স্বীকাৰ কৰিলে নিজৰ দোষ