তেজপুৰ : এগৰাকী বিশেষভাৱে সক্ষম যুৱক । বৰ্তমানৰ যান্ত্ৰিকতা আৰু আধুনিকতাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ প্ৰয়াস । কিন্তু সেয়া অইন বিশেষ কামত নহয়, তেওঁৰ জীৱিকা নিৰ্বাহত । বিশেষভাৱে সক্ষম হোৱাৰ বাবে আন দহজনৰ দৰে তেওঁ স্বাভাৱিকভাৱে উপাৰ্জনৰ পথ ল'ব পৰা নাই । ইয়াৰ পৰিৱৰ্তে তেওঁ ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহৰ পথ মুকলি কৰিছে । কিন্তু তাতো তেওঁ গ্ৰহণ কৰিছে এক বিশেষ পন্থা ।
ডিজিটেল মাধ্যমেৰে ভিক্ষা বিচাৰে ৰাইজৰ পৰা
শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে চৰকাৰে বহু সময়ত বহু সুবিধা প্ৰদান কৰি আহিছে যদিও তাৰ মাজতে এনে বহু লোক থাকি গৈছে যিসকলে এই সুবিধাবোৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । তাৰে এক বিশেষ উদাহৰণ হৈছে এই যুৱকজন । বিশেষভাৱে সক্ষম হোৱাৰ বাবে তেওঁ অন্য কোনো উপাৰ্জনমূলক কাম কৰিব নোৱাৰে । অৱশ্যে মন থাকিলেও আৰ্থিক অসুবিধাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাই । ফলস্বৰূপে তেজপুৰ চহৰৰ বিভিন্ন স্থানত ভিক্ষা খুজি তেওঁৰ লগতে পৰিয়ালটো পোহপাল দি আহিছে ।
ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আবুল হুছেইন নামৰ যুৱকজন । তেওঁৰ ঘৰ হোজাই জিলাত । কিন্তু তেওঁ হোজাইৰ পৰা আহি তেজপুৰৰ দুলাবাৰীত থাকি এইদৰে ভিক্ষা বৃত্তিৰে জীৱন যাপন কৰি আছে ।
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত আবুল হুছেইন
বৰ্তমান সময়ত দুখীয়া-নিচলা বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে আছে বিভিন্ন চৰকাৰী আঁচনি । কিন্তু নিয়তিৰ পৰিহাস যে তেওঁ তেনে কোনো আঁচনি লাভ কৰা নাই । অৱশ্যে বিশেষভাৱে সক্ষম হোৱাৰ বাবে এখন হাতেৰে চলোৱা ৰিক্সা চৰকাৰীভাৱে লাভ কৰিছিল । কিন্তু তেওঁ সেইখন গৃহজিলাত চলাই ফুৰাটো অসম্ভৱ । কাৰণ জিলাখনৰ বাট-পথবোৰত সেইখন চলাই ফুৰাৰ বাবে উপযোগী নহয় ।
এই সন্দৰ্ভত তেওঁ কয়, "বিশেষভাৱে সক্ষম যদিও চৰকাৰীভাৱে কোনো সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই । মোৰ ইচ্ছা একে ঠাইতে বহি যিকোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ । কিন্তু আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই । চৰকাৰক আহ্বান জনাইছোঁ যেন আৰ্থিক সাহায্য প্ৰদান কৰে । যাতে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিব পাৰোঁ ।
অৱশ্যে আবুলে এখন বিশেষভাৱে সক্ষম লোকে চলাব পৰা স্কুটি লাভ কৰিছে । বৰ্তমান সেইখনেৰে তেওঁ চলা-ফুৰা কৰে । এই স্কুটিখন তেওঁক এজন ব্যক্তিয়ে কিনি দি বিশেষভাৱে সক্ষম ব্যক্তিয়ে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিছে । তেওঁ এই স্কুটিখন প্ৰত্যেক দিনে তেজপুৰ সদৰ থানাত থৈ তেওঁ ভিক্ষা আৰম্ভ কৰে ।
তেজপুৰৰ দুলাবাৰীত থকা ভাড়াঘৰৰ পৰা ৪ কিলোমিটাৰ অতিক্ৰম কৰি এই স্কুটিখনেৰে তেওঁ তেজপুৰ চহৰলৈ আহে আৰু ভিক্ষা খোজে । আনহাতে, স্কুটিখন বাহিৰত ৰখাটো সুৰক্ষিত নহয় বাবে তেওঁ সদৰ থানাতে ৰাখে । পুনৰ বিয়লি স্কুটিখন লৈ ভাড়াঘৰলৈ যায় ।
কিয় বিশেষ আবুলৰ ভিক্ষা বৃত্তি
আবুল হুছেইনে হোজাইত থকা পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাবে এনেদৰে উপাৰ্জন কৰা ধনৰ পৰা এটা অংশ পঠায় । আবুলে কয়, "মই স্থায়ীভাৱে নিজাকৈ উপাৰ্জনৰ এটা পথ ল'ব বিচাৰোঁ । তাৰ বাবে চৰকাৰৰ ওচৰত আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছোঁ । বৰ্তমান ভিক্ষা খুজিলে বহুতে হাতত নগদ ধন নাই বুলি কয় । সেয়ে বেংকত এটা একাণ্ট খুলি গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰোঁ । তাত মানুহে অনলাইন ভিক্ষা দিয়ে । দুখন কিউ আৰ কোড স্কুটাৰত মাৰি লৈছোঁ, এখন লগতে আছে । তেনেদৰেই ভিক্ষা খুজি আছোঁ ।"
বৰ্তমানৰ ডিজিটেল যুগত মানুহে প্ৰায়ে হাতত নগদ ধন নাৰাখে বাবে আবুলে নিজে চলোৱা স্কুটিখনত দুয়োফালে গুগল পে'ৰ কিউ আৰ স্কেনাৰ লগাই লৈছে । লগতে নিজে যি ঠাইত বহি ভিক্ষা বিচাৰে তাতো তেওঁ এই স্কেনাৰ ব্যৱহাৰ কৰে ।