তিনিচুকীয়া : ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ ঘটনা । এইবাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কিশোৰী সৰবৰাহৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সহজ সৰল একাংশ পৰিয়ালক ধনৰ লগতে বিভিন্ন প্ৰলোভনেৰে সৰবৰাহকাৰী চক্ৰই কাম দিয়াৰ চলেৰে বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহ কৰে । আৰক্ষীৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে ।
অৰুণাচল প্ৰদেশলৈ সৰবৰাহ তিনিচুকীয়াৰ কিশোৰী
পানীতোলা আৰু তিনিচুকীয়া আৰক্ষীৰ তৎপৰতা যোৱা মঙলবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ টাপৰি বস্তিৰ পৰা উদ্ধাৰ হৈছে দুগৰাকী কিশোৰী । লগে লগে সৰবৰাহকাৰী চক্ৰটোৰ ষড়যন্ত্ৰ পোহৰলৈ আহে । উক্ত ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইয়ে জানিবলৈ দিয়া মতে যোৱা ১২ ফেব্ৰুৱাৰীত পানীতোলা আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা এগৰাকী যুৱতী আৰু এগৰাকী নাবালিকাক পৰিয়ালৰ সৈতে সম্পৰ্কীয় এজন লোকে পৰিয়ালক দুই-তিনি হাজাৰ টকা দি তিনিচুকীয়াতে কাম কৰিবলৈ দিব বুলি লৈ যায় ।
তিনিচুকীয়াতে কাম দিয়াৰ উদ্দেশ্যে ঘৰৰ পৰা লৈ যায় যদিও তেওঁলোকক অৰুণাচল প্ৰদেশলৈহে লৈ যোৱা হয় । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে তিনিচুকীয়াতে তেওঁলোক নাই বুলি জানিব পাৰি পানীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সেই এজাহাৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৪০(৩) ধাৰাৰ অধীনত ৩৯/২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰা তদন্তৰ পাছতে তিনিচুকীয়া আৰু পানীতোলা আৰক্ষীৰ এটা দলে অভিযান চলাই কিশোৰী কেইগৰাকীক অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ টাপৰি বস্তিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিশোৰীকেইগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সৰবৰাহৰ আঁৰত থকা লোকসকল পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে তিনিচুকীয়াত এই ধৰণৰ ঘটনা প্ৰথম নহয় । ইয়াৰ পূৰ্বেও মাকুম, ডুমডুমা, তালাপৰ দৰে কেইবাটাও অঞ্চলৰ পৰা একাংশ সহজ সৰল আৰু দৰিদ্ৰ পৰিয়াল নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰিছে । কেইবাগৰাকীও কিশোৰীক উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰী চক্ৰৰ কেইবাজনো লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷
লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী: পুনৰ উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ - UMRANGSO COAL MINE TRAGEDY