ডিব্ৰুগড় : বৰ্তমান বিবাদৰ আন এটা নামেই যেন হৈ পৰিছে শ্ৰীমন্ত শংকৰ দেৱ সংঘ ! বিভিন্ন সময়ত ভিন্ন বিতৰ্কত সোমাই পৰা শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ সোণাৰিত প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা ৷ কিয়নো মে-ডাম-মেফিত অংশ লোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰ সংঘই এজনক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰিটো টাইপাই অব্যাহত ৰাখিছে প্ৰতিবাদ ৷
শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰিছিল ৷ যাৰবাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে । এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে ।
এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী কৰে টাইপাই । আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰাৰ হুংকাৰ দিছিল সংগঠনটোৱে ।
এই ক্ষেত্ৰত সংঘই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শ্ৰীমন্ত শংকৰ সংঘৰ বিৰুদ্ধে চৰাইদেউৰ সোণাৰিত টাইপাই সাব্যস্ত কৰে প্ৰতিবাদ । শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ কৰে টাই আহোম যুৱ পৰিষদে ।
এগৰাকী প্ৰতিবাদকাৰীয়ে শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধান দাহ কৰি কয়, ‘‘মে-ডাম-মেফিত অংশ লোৱা বাবেই বহিষ্কাৰ কৰা কাৰ্যসূচী গ্ৰহণ কৰিছে । আহোম জনগোষ্ঠী কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ । গতিকে আগন্তুক দিনত যদি শংকৰ সংঘৰ কৰ্তৃপক্ষই সংবিধান সংশোধন কৰি অসমীয়া সমাজখন চলাই নিয়াত যদি সহযোগিতা নকৰে তেন্তে ভৱিষ্যতে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ কৰা হ'ব ।’’
লগতে পঢ়ক : ভকতক আপ্যায়নৰ বাবে ৫০০ ৰান্ধনীয়ে ৰান্ধিছে সিদ্ধ লগতে পঢ়ক : ১৩ মাৰ্চৰ পৰা আবিৰৰ ৰঙত ৰঙীন হৈ পৰিব বৰপেটা সত্ৰ |