মুম্বাই: চৰকাৰে চিগাৰেট আৰু অন্যান্য ধপাতজাত সামগ্ৰীৰ ওপৰত পণ্য আৰু সেৱা কৰ (জি এছ টি) বৃদ্ধি কৰিব পাৰে । এই পৰিৱৰ্তন তেতিয়াহে হ'ব পাৰে যদি চৰকাৰে এই সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আৰোপ কৰাটো বন্ধ কৰে । ইফালে এই বাতৰি প্ৰকাশৰ পিছতে বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অৱনমন দেখা গৈছে । ইকন'মিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব ।
বৰ্তমান চিগাৰেট আৰু অন্যান্য ধপাতজাত সামগ্ৰীৰ ওপৰত 28 শতাংশ জি এছ টিৰ উপৰি আন কেইবাটাও শুল্ক আৰোপ কৰা হয় । যাৰ ফলত মুঠ কৰ বোজা 53 শতাংশ হয় । প্ৰতিবেদন অনুসৰি, বৰ্তমান জি এছ টি বৃদ্ধি কৰি 40 শতাংশ কৰা হ'ব আৰু তাৰ ওপৰত আবকাৰী শুল্কও আৰোপ কৰা হ'ব ।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ২০২৬ চনৰ মাৰ্চত ক্ষতিপূৰণ উপকৰ উঠাই লোৱাৰ পিছত যাতে ধপাতজাত সামগ্ৰীৰ পৰা কৰ ৰাজহ সংগ্ৰহ হ্ৰাস নহয় সেইটো নিশ্চিত কৰা । এই সন্দৰ্ভত বিষয়াসকলে ইকন'মিকছ টাইমছক জনায় যে চৰকাৰে বৰ্তমানৰ উপকৰৰ ঠাইত এক নতুন উপকৰ আৰোপ কৰিব বিচৰা নাই ।
শ্বেয়াৰ বজাৰত প্ৰভাৱ
আই টি চি, গডফ্ৰে ফিলিপছ (ফ'ৰ স্কোৱেৰৰ নিৰ্মাতা) আৰু ভি এছ টি ইণ্ডাষ্ট্ৰিজৰ (চাৰ্মিনাৰৰ নিৰ্মাতা) শ্বেয়াৰ যথেষ্ট পতন ঘটে । আই টি চিৰ শ্বেয়াৰ 1.6 শতাংশ পতন ঘটি 400 টকা হয় । আনহাতে, গডফ্ৰে ফিলিপছৰ 3 শতাংশ পতন ঘটি 6,364.4 টকা হয় আৰু ভি এছ টি ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ 3.7 শতাংশ হ্ৰাস হৈ প্ৰতি শ্বেয়াৰত 288.3 টকা হয় ।
ধপাতৰ মূল্য কিয় বৃদ্ধি কৰা হৈছে ?
ধপাতজাত সামগ্ৰীবোৰক অনিষ্টকাৰী সামগ্ৰী হিচাপে গণ্য কৰা হয় । ইয়াৰ অৰ্থ হৈছে ইয়াৰ ব্যৱহাৰক নিৰুৎসাহিত কৰিবলৈ সেইবোৰৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হয় । ভাৰতত চিগাৰেটৰ ওপৰত বৰ্তমানৰ কৰ হৈছে 53 শতাংশ, যিটো বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া 75 শতাংশতকৈ বহু কম । ধপাত আৰু ধপাতজাত সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰাৰ ফলত যথেষ্ট পৰিমাণে কৰ ৰাজহ লাভ কৰা হয় । ২০২২-২৩ বৰ্ষত এই খণ্ডটোৱে চৰকাৰী ৰাজহত ৭২,৭৮৮ কোটি টকা অৰিহণা যোগাইছিল ।