আগৰতলা: নিযুক্তি পৰীক্ষাত নকলৰ বেহা ৷ এই কেলেংকাৰী সংঘটিত হৈছে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নিযুক্তি পৰীক্ষাত ৷
ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নিম্ন সংমণ্ডল কেৰাণী (এল ডি চি) আৰু মাল্টি টাস্কিং ষ্টাফ (এম টি এছ) পদৰ বাবে নিযুক্তি পৰীক্ষাৰ সময়ত অবৈধ উপস্থিতি আৰু অসৎ উপায় ব্যৱহাৰ কৰাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭ জন ব্যক্তিক ৷
ৰাজ্যখনৰ আমতালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাদ্ৰী সৰকাৰে জনোৱা মতে, দেওবাৰে বিশ্ববিদ্যালয়খনৰ অধ্যাপকৰ তত্বাৱধানত এই পৰীক্ষা অনুষ্ঠিত হৈছিল । নিয়মীয়া পৰীক্ষণৰ সময়ত ইনভিজিলেটৰসকলে প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত কেইবাজনো প্ৰাৰ্থীক চিনাক্ত কৰে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে ক্ৰমে- মৃণ্ময় বিশ্বাস, লিটন বিশ্বাস, মিটন মণ্ডল, ৰাজবীৰ সিং আৰু ৰাহুল কুমাৰ ৷ আটাইকেইজনে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷
আৰক্ষীয়ে জোতাৰ ভিতৰত লুকুৱাই ৰখা আৰু ব্লুটুথৰ জৰিয়তে সংযোগ কৰা কেইটামান ম’বাইল ফোনো জব্দ কৰে ৷ লগতে পৰীক্ষাৰ্থীসকলৰ উত্তৰবহীসমূহো জব্দ কৰে আৰু বছৰটোৰ বাবে পৰীক্ষা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰে ৷
আনহাতে, কৰ্তৃপক্ষই পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা পৰিচয়ৰ সৈতে মিল নোহোৱা দুজন ব্যক্তিকো ধৰা পেলায় । জেৰাত বিহাৰৰ পংকজ কুমাৰ আৰু ৰাজস্থানৰ পৰা অহা ৰামবীৰ মীনাই আন প্ৰাৰ্থীৰ সলনি পৰীক্ষাত বহাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ তেওঁলোকৰো উত্তৰবহীসমূহ জব্দ কৰা হয় আৰু বিশ্ববিদ্যালয় প্ৰশাসনে লগে লগে তেওঁলোকক অযোগ্য ঘোষণা কৰে ৷
বিশ্ববিদ্যালয়ৰ বিষয়াসকলৰ আনুষ্ঠানিক অভিযোগৰ পিছতে আৰক্ষীয়ে অভিযুক্তসকলক আটক কৰি আদালতৰ সন্মুখত হাজিৰ কৰোৱায় ৷ অৱশেষত দেওবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজন অভিযুক্তক ।
লগতে পঢ়ক: ১১২ ভাৰতীয়ক লৈ অমৃতসৰ বিমানবন্দৰত নামিল আমেৰিকাৰ বিমান