হায়দৰাবাদ : দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই । দিল্লীৰ ৰামলীলা ময়দানত উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰেখা গুপ্তাক শপত আৰু গোপনীয়তাৰ বাক্য পাঠ কৰোৱায় । ৰেখা গুপ্তাৰ লগতে আন ছয়জন বিধায়কে শপতগ্ৰহণ কৰে ৷ তেওঁলোক ক্ৰমে পৰবেশ বাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, ৰবীন্দ্ৰ ইন্দ্ৰৰাজ সিং, কপিল মিশ্ৰ আৰু ড৹ পংকজ সিং ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব এই শপতগ্ৰহণ অনুষ্ঠান উপস্থিত থাকে ।
#WATCH रेखा गुप्ता ने दिल्ली की मुख्यमंत्री के रूप में शपथ ली। pic.twitter.com/1mEkV7DjyL
— ANI_HindiNews (@AHindinews) February 20, 2025
ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে, বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা, ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী প্ৰেম চন্দ বৈৰৱা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি একাধিক দলৰ নেতা উক্ত অনুষ্ঠানত উপস্থিত থাকে ৷
উল্লেখ্য যে, ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী । ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে অতিশীৰ স্থলাভিষিক্ত ৰেখা গুপ্তা ৷ তেওঁ বৰ্তমান বিজেপি শাসিত প্ৰদেশৰ একমাত্ৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পাছত দেশৰ দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী ।
উল্লেখ্য যে, ২৭ বছৰৰ পাছত দিল্লীত বিজেপি চৰকাৰ গঠন কৰা হৈছে ৷ যাৰ বাবে ৰামলীলা ময়দান আৰু ইয়াৰ আশে-পাশে নিৰাপত্তাৰক্ষীৰ শক্তিশালী ব্যৱস্থা কৰা হৈছে ।