আগৰতলা : দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক ড৹ মাণিক সাহাই সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙক ৷ তাৰ পাচত দুয়ো এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত তেওঁলোকে উন্নত বতৰ পূৰ্বাভাস, প্ৰশাসনিক বিষয় আৰু ৰাজ্যৰ বাঁহ উদ্যোগৰ প্ৰসাৰকে ধৰি উন্নয়নমূলক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।
উক্ত বৈঠকতে ড৹ সাহাই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে শেহতীয়াকৈ উদ্বোধন কৰা আগৰতলা-আখৌৰা ৰে’ল সংযোগৰ বিষয়েও আলোচনা কৰে । যিহেতু এই বছৰ ত্ৰিপুৰাত অস্বাভাৱিক হাৰত প্ৰচণ্ড বৰষুণ হৈছে, সেয়েহে ড৹ সাহাই উন্নত পূৰ্বাভাস আৰু দুৰ্যোগৰ প্ৰস্তুতিৰ বাবে কাৰিকৰী সহায় বিচাৰিছিল ।
Chief Minister of Tripura, @DrManikSaha2 called on and discussed various State related issues. Delighted to note that the vital Agartala to Akhaura rail link connecting the Northeastern India directly with Bangladesh, the work on which had started during my tenure as the DoNER… pic.twitter.com/Y1DGOUJZFI
— Dr Jitendra Singh (@DrJitendraSingh) February 16, 2025
কেন্দ্ৰীয় মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে ড৹ সাহাক আশ্বাস দিয়ে যে বিজ্ঞান মন্ত্ৰালয়ে (Ministry of Earth Sciences) এবছৰৰ ভিতৰত ৰাজ্যখনত এক অত্যাধুনিক বতৰ ৰাডাৰ স্থাপন কৰিব ।
এই ৰাডাৰে অঞ্চলটোৰ বৰ্তমানৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে মিলি বৰষুণ আৰু ঘূৰ্ণীবতাহৰ বাবে বাস্তৱ সময়ৰ বতৰৰ পূৰ্বাভাস বৃদ্ধি কৰিব, যিয়ে চৰম বতৰৰ পৰিঘটনাৰ প্ৰভাৱ কমোৱাত সহায় কৰিব । কেন্দ্ৰীয় মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে ড৹ সাহাৰ সৈতে হোৱা এই বৈঠকতে ৰাজ্যৰ বাঁহ খণ্ড সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয় ।
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ড৹ সাহাক অৱগত কৰে যে জৈৱ প্রযুক্তি আৰু বাঁহৰ গৱেষণাৰ বাবে নিবেদিত অসম (যোৰহাট) আৰু মণিপুৰৰ বিশেষ প্রতিষ্ঠানসমূহে ত্রিপুৰা চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বাঁহৰ অর্থনৈতিক সম্ভাৱনাক সাধন কৰিব ৷
বৈঠকত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ সাহাই ত্ৰিপুৰাৰ প্ৰথমখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীক অৱগত কৰে । এই বৈঠকতে প্ৰযুক্তিগত উন্নতি, প্ৰশাসনিক সমন্বয় আৰু উন্নত আঞ্চলিক সংযোগৰ জৰিয়তে ত্ৰিপুৰাৰ উন্নয়নত সহায় কৰাৰ কেন্দ্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰা হয় ।