ETV Bharat / bharat

চৰণেহে জানে মৰণৰ ঠাই... ফুৰিবলৈ আহি মৃত্য়ুক সাৱটিলে ফ্ৰান্সৰ পৰ্যটকে - FRENCH TOURIST DEATH

ভাৰত ভ্ৰমণ কৰি থকা এজন ফৰাচী পৰ্যটকৰ মৃত্যু ৷ পৰ্যটকগৰাকীৰ মৃত্যুৰ কাৰণ অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

FRENCH TOURIST DEATH
নথিপত্ৰত থকা ব্যক্তিজনৰ ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 8:34 PM IST

খাণ্ডৱা: চৰণেহে জানে মৰণৰ ঠাই ৷ ফুৰিবলৈ আহি মৃত্যুক সাৱটিলে এগৰাকী ফৰাচী পৰ্যটকে ৷

প্ৰায় এমাহ ধৰি ভাৰত ভ্ৰমণ কৰি থকা এজন ফৰাচী পৰ্যটকৰ দেওবাৰে মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত মৃত্যু ঘটে । পৰ্যটকগৰাকীৰ মৃত্যুৰ কাৰণ অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

জানিব পৰা মতে, বিগত ২২ জানুৱাৰীত পৰ্যটন ভিছাৰে ভাৰতত উপস্থিত হোৱা ডেল’ৰমে ষ্টেফেন আলেকজেণ্ডাৰ (৫০) নামৰ যুৱকগৰাকীয়ে দেওবাৰে বিয়লি ওমকাৰেশ্বৰ চহৰত থকাৰ সময়তে কিছু অসুস্থ অনুভৱ কৰিছিল ।

আলেকজেণ্ডাৰে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা বুলি প্ৰকাশ কৰাৰ পিছতে একাংশ স্থানীয় লোকে তেওঁক ততাতৈয়াকৈ ওমকাৰেশ্বৰ চিকিৎসালয়লৈ নিয়ে ৷ চিকিৎসকে ব্যক্তিগৰাকীৰ শৰীৰত অক্সিজেনৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পোৱাৰ কথা সদৰী কৰে ৷

পৰৱৰ্তী সময়ত তেওঁক সংকটজনক অৱস্থাত খাণ্ডৱালৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু আই চি ইউত চিকিৎসাধীন অৱস্থাতে ফৰাচী পৰ্যটকগৰাকীৰ মৃত্যু ঘটে ।

তদন্তকাৰী আৰক্ষী বিষয়াসকলে জনোৱা মতে, ডেল’ৰমে প্ৰথমে দিল্লীৰ পৰা বাৰাণসী হৈ আহি কাশী ভ্ৰমণ কৰিছিল ৷ তাৰপিছত তেওঁ ইন্দোৰ, উজ্জয়িনী আৰু তাৰপিছত খাণ্ডৱাৰ ওমকাৰেশ্বৰলৈ গৈছিল ।

ফৰাচী পৰ্যটকজনৰ মৃত্যুৰ তথ্য লাভ কৰাৰ লগে লগে মোঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেশ ধৰৱাল আৰু পৰিদৰ্শক সুনীল গুপ্তা চিকিৎসালয়ত উপস্থিত হয় ।

আৰক্ষী বিষয়াসকলে পৰ্যটকগৰাকীৰ সামগ্ৰীসমূহ ভালদৰে তালাচী চলাই উদ্ধাৰ কৰে এটা ম’বাইল, কিছু ফৰাচী মুদ্ৰা, পাছপ’ৰ্ট, বিমানৰ টিকট আৰু এটা কেমেৰা । আৰক্ষীয়ে পৰ্যটকগৰাকীৰ পৰিয়ালৰ ম’বাইল নম্বৰটোও লাভ কৰে ।

আৰক্ষী বিষয়া ধৰৱালে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি ইংৰাজী ভাষাতে ঘটনাৰ বিষয়ে অৱগত কৰে ৷ কিন্তু পৰ্যটকগৰাকীৰ পৰিয়ালৰ লোকে ফৰাচী ভাষাত কথা পাতি থকাৰ বাবে আৰক্ষীয়ে একো বুজিব পৰা নাছিল ।

ইয়াৰ পিছত ডেল’ৰমেৰ মৃত্যুৰ খবৰ ফৰাচী ভাষাতে পৰিয়ালটোলৈ প্ৰেৰণ কৰা হয় । ধৰৱালে মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ লোৱা হ’ব বুলি জানিবলৈ দিয়ে । "২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ই-ভিছাৰে ভাৰতলৈ আহিছিল পৰ্যটকজন । বৰ্তমান এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত চলি আছে । নিয়ম অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ' লোৱা হ'ব । ইয়াৰ দ্বাৰা মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷" আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: আপুনি বাৰু কেতিয়াবা মেকুৰীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ গৈছেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.