Rangali Bihu celebration : কলিয়াবৰত মুকলি বিহুতলীত লোক-কৃষ্টিৰ পয়োভৰ - কলিয়াবৰত মুকলি বিহুতলীত লোক কৃষ্টিৰ পয়োভৰ
🎬 Watch Now: Feature Video
কলিয়াবৰ, ১৮ এপ্ৰিল : ৰাজ্যজুৰি উদযাপন কৰা হৈছে হেপাঁহৰ ৰঙালী বিহু (Rangali Bihu 2023) । বিহু আনন্দীয়া বিহু বিনন্দীয়া, বিহু অসমৰ স্বাভিমান, বিহু অসমৰ আয়ুসৰেখা । সংস্কৃতিৰ বৰঘৰ কলিয়াবৰ হাটবৰতো আমন্ত্ৰিত বিহু শিল্পীৰ দ্বাৰা উদযাপন কৰা হয় মুকলি বিহু (Rangali Bihu celebration at Kaliabor) । কেন্দ্ৰীয় জাতীয় উৎসৱ উদযাপন সমিতি হাটবৰৰ উদ্যোগত উদযাপন কৰা হয় এই মুকলি বিহু ।
হাটবৰ হাজাৰ হৰিমন্দিৰ প্ৰাংগণত বাৰপূজীয়াৰ তিৱা ভাষা-সংস্কৃতি চৰ্চা সমিতি আৰু সূৰ্যোদয় লোকনৃত্যৰ দল আৰু ঔগুৰিৰ জংচাৰ আফাতৰ বড়ো নৃত্যানুষ্ঠানৰ লগতে শিৱসাগৰৰ জাঁজীপৰীয়া বিহুৱা দল, সৰুপথাৰ বিহুৱা দল, শিলঘাটৰ মন বহাগী বিহুৱা দলে পৰিৱেশন কৰে মুকলি বিহু । মুকলি বিহু অনুষ্ঠানত উপস্থিত থাকে কেইবাশতাধিক দৰ্শক-ৰাইজ ।
লগতে পঢ়ক: Suicide case at Dhubri District Jail : কয়দীৰ আত্মহত্যাক লৈ ধুবুৰী কাৰাগাৰত ৰহস্যঘন পৰিস্থিতি