Rangali Bihu 2023: গৌৰীসাগৰত জ্যেষ্ঠৰ আৰ্শীবাদ ল'লে কণিষ্ঠই

By

Published : Apr 16, 2023, 3:20 PM IST

thumbnail

আমগুৰি, 16 এপ্ৰিল: বিহু অসমীয়াৰ প্ৰাণ, বিহু অসমীয়াৰ মান৷ বাপতি সাহোন ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী ৷ ঢোল-পেঁপাৰ মাতত কঁপি উঠিছে চৌদিশ ৷ পৰম্পৰা আৰু ৰীতি-নীতিৰে ৰাজ্যবাসীয়ে পালন কৰিছে ৰঙালী বিহু (Rangali Bihu Celebration in Assam) ৷  

ৰঙালীৰ পৰম্পৰা অক্ষুন্ন ৰাখি জ্যেষ্ঠজনৰ আৰ্শীবাদ গ্ৰহণ কৰিছে কণিষ্ঠই ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত 54 গৰাকী জ্যেষ্ঠ ব্যক্তিৰ আৰ্শীবাদ ল'লে কণিষ্ঠই ৷ গৌৰীসাগৰৰ আহতগুৰি যুৱক সংঘ আৰু মিটং নকটানি নামডঙীয়া গাঁৱৰ যুৱকসকল একত্ৰিত হৈ সেৱা ল'লে জ্যেষ্ঠজনৰ (Rangali Bihu Celebration in Gaurisagar) ৷

বিগত কেইবাবছৰ ধৰি পৰম্পৰা অক্ষুন্ন ৰাখি গৌৰীসাগৰ মিটং নকটানিত বিহুৰ বতৰত কণিষ্ঠই জ্যেষ্ঠজনৰ  সেৱা গ্ৰহণ কৰি আহিছে৷ গাঁওখনৰ প্ৰত্যেকজন পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীয়ে নৱপ্ৰজন্মক এক অনন্য বাৰ্তা বিয়পাই দিছে ৷ সেৱা গ্ৰহণৰ পিছতেই সকলো জ্যেষ্ঠ-কণিষ্ঠই একেলগে হুঁচৰি জোৰে ৷

লগতে পঢ়ক: AASU Bihu At Kaliabor: কলিয়াবৰত আছুৰ ৰঙালী বিহু অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.