Bihu Celebration in Bihpuria: পৰম্পৰা ৰক্ষা কৰি বিহপুৰীয়াৰ মধুপুৰ গাঁৱত বোকা খেল উদযাপন - Rangali Bihu celebrates in Bihupuria

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2023, 9:27 PM IST

বিহপুৰীয়া, ১৫ এপ্ৰিল: আজি পহিলা ব'হাগ অৰ্থাৎ মানুহৰ বিহু । ইতিমধ্যেই ৰঙালীৰ ৰঙত ৰঙীণ হৈ পৰিছে সমগ্ৰ ৰাজ্য (Bihu celebration across Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু । এই আজিৰ মানুহৰ বিহুৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিহপুৰীয়াতো উদযাপন কৰা হয় বোকা বিহু (Rangali Bihu celebrates in Bihupuria) ৷ পৰম্পৰা ৰক্ষা কৰি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মধুপুৰ গাঁৱৰ ৰাইজে পালন কৰা এই বোকা বিহুত অংশ ল’লে ডেকা বুঢ়াৰ পৰা আৰম্ভ কৰি কণমানিটোৱেও ।  

আনন্দত মতলীয়া এই অঞ্চলৰ লোকে প্ৰতিবছৰে পালন কৰি আহিছে বোকা বিহু ৷ বছৰৰ প্ৰথমটো দিন অৰ্থাৎ মানুহৰ বিহুৰ দিনা মধুপুৰ গাঁৱৰ চহা কৃষক পৰিয়ালসমূহে আনন্দৰে পালন কৰে এই বোকা বিহু (Rangali Bihu of Assam) । লোক বিশ্বাস অনুসৰি আজিৰ দিনটোত শৰীৰত বোকা লেপন কৰিলে বিভিন্ন ৰোগৰ পৰা নিৰাময় লাভ কৰে । প্ৰাচীন কালৰে পৰা পালন কৰা এই বোকা বিহু বিহপুৰীয়াৰ এই মধুপুৰ গাঁৱৰ লগতে আৰু বহু কেইখন গাঁৱত পালন কৰা হয় ।

লগতে পঢ়ক: Rangali Bihu in Bangalore : ঢোল-পেঁপাৰ লহৰত কঁপিছে বেংগালুৰু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.