Rangali Bihu in Bangalore : ঢোল-পেঁপাৰ লহৰত কঁপিছে বেংগালুৰু - গাত যেন তৰণি নাই এতিয়া চহা অসমীয়াৰ
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, ১৫ এপ্ৰিল : চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী (Rangali Bihu 2023)৷ ঢোলৰ গুমগুমনী, পেঁপাৰ লহৰত কঁপিছে এতিয়া ৰাজ্য ৷ গাত যেন তৰণি নাই এতিয়া চহা অসমীয়াৰ ৷ ক’ৰবাত যদি গাঁৱৰ ডেকা-গাভৰু হুঁচৰি গোৱাত ব্যস্ত, আন ক’ৰবাত আকৌ চাহ-পিঠাৰ জুতি লোৱাত ব্যস্ত গাঁৱৰ জ্যেষ্ঠজন ৷
অ’ ৰৱ ৷ কেৱল অসমতে বিহুৰ বা লগা নাই ৷ কি হাইদৰাবাদ, কি বেংগালুৰু ৷ প্ৰবাসী অসমীয়াৰ মনো আজি ৰঙালীত ৰাঙলী হৈ পৰিছে ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বেংগালুৰুৰ শ্ৰীমন্ত শংৰদেৱ সাংস্কৃতিক সমাজে দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ-মালহেৰে উদযাপন কৰে হেঁপাহৰ ৰঙালী বিহুটি (Rangali Bihu in Bangalore) ৷
সেই অনুসৰি, ১৪ এপ্ৰিলৰ দিনা পুৱা প্ৰায় ১০ বজাত ৰাজহুৱা শৰাই আগবঢ়োৱা হয় ৷ তাৰ পাচত প্ৰায় ১০:৩০ বজাত নাম-প্ৰসংগ, ১১:১৫ বজাত কীৰ্তন পাঠ আৰু ১২ বজাত প্ৰসাদ বিতৰণ কৰা হয় ৷ ১৫ এপ্ৰিলৰ দিনা বেংগালুৰুৰ শ্ৰীমন্ত শংৰদেৱ সাংস্কৃতিক সমাজে পুৱা প্ৰায় ৯ বজাত পৰিৱেশ নিকাকৰণ, ৯:৩০ বজাত বিহুৰ পতাকা উত্তোলন আৰু সমবেত সংগীত পৰিৱেশন কৰা হয় ৷
তাৰে পৰৱৰ্তী কাৰ্যসূচী অনুসৰি, ৯:৪৫ বজাত পিঠা-পনাৰ প্ৰতিযোগিতা, ১০ বজাত সামূহিক জা-জলপান আৰু জলযোগ, ১০:৩০ বজাত নাম-প্ৰসংগ, ১১:১৫ বজাত কীৰ্তন পাঠ, ১২ বজাত প্ৰসাদ বিতৰণ, দুপৰীয়া ১২:৩০ বজাত ঢোল বাদনেৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷
তাৰ পাচত ১২:৪৫ বজাত একক বিহু নৃত্য পৰিৱেশন, 1 বজাত নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা দলীয় বিহু-হুঁচৰি পৰিৱেশন, ১:৪০ বজাত জেং বিহু আৰু ২ বজাত খিচিৰি বিতৰণ কৰা হয় ৷
লগতে পঢ়ক : Rangali Bihu 2023: এই ৫টা শীৰ্ষ বিহুগীতে দুগুণে বৃদ্ধি কৰিব ৰঙালীৰ আনন্দ