Lok sabha Election 2024: লোকসভা নিৰ্বাচনত ১২টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব; ৰামেশ্বৰ তেলী - বিজেপি কৰ্মী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2023, 10:25 PM IST

মৰাণ, 13 আগষ্ট : সমাগত লোকসভা নিবাৰ্চন 2024ক লৈ শাসক দল বিজেপিৰ সমান্তৰালভাৱে সকলো বিৰোধী ৰাজনৈতিক দল তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে । ৰাজ্যত বিৰোধী ৰাজনৈতিক দলসমূহে সমাগত লোকসভা নিবাৰ্চনত উমৈহতীয়া প্ৰাৰ্থী প্ৰতিটো সমষ্টিত প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰা পাচতেই শাসক দল বিজেপিয়ে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰতিটো সমষ্টিত। 

দেওবাৰে মৰাণত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, লোকসভা নিৰ্বাচনলৈ বিজেপি সম্পূৰ্ণৰূপে সাজু । কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'লেও প্ৰতিদ্বন্দিতা কৰিবলৈ দল সাজু ৷ লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খনেই বিজেপি দলে লাভ কৰিব বুলি দাবী কৰে ৰামেশ্বৰ তেলীয়ে ৷ 

প্ৰতিটো সমষ্টিৰ বিজেপি কৰ্মীসকলে নিষ্ঠাৰে কাম কৰি আছে যাৰ ফলত ১২ টা সমষ্টিতে বিজেপিয়ে সহজেই জয়লাভ কৰিব । বিজেপি চৰকাৰ অহাৰ পাচতেই চাহ বাগিচা সমূহত আমূল পৰিবৰ্তন হৈছে । চাহ বাগিচাৰ বাট-পথ , চিকিৎসা ব্যৱস্থাত বিজেপি চৰকাৰে আমূল পৰিৱৰ্তন আনিছে । বিজেপি ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ আঁৰত আছে ৰাজনৈতিক অভিসন্ধি; দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.